ৰাষ্ট্ৰীয়

May 16, 2025 11:38 AM

views 10

ভাৰতৰ মহিলা ক্রিকেট দলৰ ইংলেণ্ড ভ্ৰমণৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ভাৰতৰ মহিলা ক্রিকেট দলৰ আসন্ন ইংলেণ্ড ভ্ৰমণৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। অহা ২৮ জুনৰ পৰা ২২ জুলাইলৈ হ'বলগীয়া এই ভ্রমণকালত দলটোৱে ৫ খন টি-২০ আৰু ৩ খন এদিনীয়া খেলত অংশ ল'ব। হৰমনপ্রীত কৌৰে এদিনীয়া আৰু টি-২০ দুয়োটা দলক নেতৃত্ব দিব আৰু স্মৃতি মান্ধানাই উপ-অধিনায...

May 16, 2025 11:25 AM

views 16

আই পি এল ক্রিকেট প্রতিযোগিতাৰ স্থগিত ৰখা খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ’ব

ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাময় পৰিৱেশৰ বাবে সাময়িকভাৱে স্থগিত ৰখা আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ চেন্নাইৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া লীগ পৰ্যায়ৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। ৮ মে'ত খেল...

May 15, 2025 9:23 PM

views 7

শ্ৰীনগৰ আৰু দক্ষিণ কাশ্মীৰৰ অনন্তনাগত ভাৰতীয় জনতা পাৰ্টীৰ ত্ৰিৰংগা যাত্ৰা

ভাৰতীয় জনতা পাৰ্টীয়ে শ্ৰীনগৰ আৰু দক্ষিণ কাশ্মীৰৰ অনন্তনাগত ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। ই হৈছে অপাৰেচন সিন্দূৰৰ সফল পৰিচালনাৰ উদযাপনৰ এক অংশ, য'ত ভাৰতীয় সশস্ত্র বাহিনীয়ে যোৱা ৭ মেত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ কৰিছিল। শ্ৰীনগৰত বিজেপিৰ ত্ৰিৰংগা অভ...

May 15, 2025 9:21 PM

views 11

ভাৰত-পাকিস্তানৰ মাজত কোনো তৃতীয় পক্ষই মধ্যস্থতা কৰাৰ বিষয়টো বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নস্যাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ভাৰত আৰু পাকিস্তানৰ মাজত কোনো তৃতীয় পক্ষই মধ্যস্থতা কৰাৰ বিষয়টো নস্যাৎ কৰে। তেওঁ কয়, যে ইছলামাবাদৰ সৈতে ভাৰতে দ্বিপাক্ষিক আলোচনা কৰিবলৈহে আগ্রহী। নতুন দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানত ভাগ লৈ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ড০ জয়শংকৰে কয়, যে ভাৰতে পাকি...

May 15, 2025 9:19 PM

views 22

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে MSME-2024ৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে আবেদন আহ্বান

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ চমুকৈ এম এছ এম ই ২০২৪ চনৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে আবেদন আহ্বান কৰিছে। এটা বিবৃতিযোগে মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে যে এম এছ এম ই সকলে বিভিন্ন শাখাত এই মাহৰ ২০ তাৰিখলৈকে তেওঁলোকৰ আবেদনসমূহ পঠিয়াব পাৰিব। বর্তমান এম এছ এম ই সকলক বি...

May 15, 2025 9:01 PM

views 9

মিজোৰামৰ কৃষি পদ্ধতি জনজাতীয় জীৱনশৈলীৰ সৈতে ওতপ্রোতভাৱে জড়িত বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মন্তব্য

মিজোৰামৰ কৃষি পদ্ধতি জনজাতীয় জীৱনশৈলীৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছে আৰু ৰাজ্যখনৰ উন্নয়নত কৃষি খণ্ডই বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনত উদ্যান শস্য মহাবিদ্যালয়ৰ বিদ্যায়তনিক চৌহদ ভিডিঅ’ ক...

May 15, 2025 8:41 PM

views 9

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী চান্দেল জিলাত অসম ৰাইফলছৰ জোৱানৰে হোৱা সংঘৰ্ষত সন্দেহযুক্ত উগ্রপন্থী গোটৰ ১০জন সদস্য নিহত

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী চান্দেল জিলাৰ খেনজয় মহকুমাৰ নিউ চোমতাল গাঁৱত অসম ৰাইফলছৰ জোৱানৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১০ জন সন্দেহযুক্ত উগ্রপন্থী গোটৰ সদস্য নিহত হয়। সেনাৰ ইষ্টাৰ্ন কমাণ্ডে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জোৱানসকলে এই অঞ্চলটোত অভিযান চলোৱা...

May 15, 2025 12:00 PM

views 20

জম্মুৰ শ্ৰীমাতা বৈষ্ণোদেৱী দেৱোত্তৰ পৰিষদৰ যাত্ৰীসকলৰ সুবিধার্থে বিশেষ পদক্ষেপ

জম্মুৰ শ্ৰীমাতা বৈষ্ণোদেৱী দেৱোত্তৰ পৰিষদে যাত্ৰীসকলৰ সুবিধার্থে বিনামূলীয়াকৈ আৰতি দৰ্শন তথা থকাৰ সুবিধাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সংঘৰ্ষ বিৰতিৰ পাছত যাত্ৰীসকল মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা আৰম্ভ কৰিছে। জম্মু বিমান বন্দ...

May 15, 2025 11:55 AM

views 17

নক্সালবাদৰ বিৰুদ্ধে চলি থকা অভিযান সঠিক দিশত আগবাঢ়িছে : প্ৰধানমন্ত্ৰী

সুৰক্ষা বাহিনীৰ সফলতাই নক্সালবাদৰ বিৰুদ্ধে চলি থকা অভিযান সঠিক দিশত আগবঢ়াকে সূচাইছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে।কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যমত লিখা এটা পোষ্ট শ্বেয়াৰ কৰি শ্রীমোদীয়ে কয় যে নক্সাল প্ৰভাৱিত অঞ্চলসমূহত শান্তি প্ৰতিষ্ঠা আৰু উন্নয়ন তথা তেওঁলোকক ...

May 15, 2025 11:53 AM

views 12

ছত্তিশগড় বিজাপুৰত ৩১ জন মাওবাদী নিহত

ছত্তিশগড় জিলাৰ বিজাপুৰৰ তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰত প্ৰায় ২১ দিন ধৰি চলি থকা মাওবাদী বিৰোধী অভিযানত ১৬ গৰাকী মহিলা মাওবাদীকে ধৰি মুঠ ৩১ জন মাওবাদী নিহত হৈছে। বিজাপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চি আৰ পি এফৰ সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিং, ছত্তিশগড়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।