ডাউনলোড
মোবাইল এপ

android apple
signal

শ্ৰীনগৰ আৰু দক্ষিণ কাশ্মীৰৰ অনন্তনাগত ভাৰতীয় জনতা পাৰ্টীৰ ত্ৰিৰংগা যাত্ৰা

ভাৰতীয় জনতা পাৰ্টীয়ে শ্ৰীনগৰ আৰু দক্ষিণ কাশ্মীৰৰ অনন্তনাগত ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। ই হৈছে অপাৰেচন সিন্দূৰৰ সফল পৰিচালনাৰ উদযাপনৰ এক অংশ, য’ত ভাৰতীয় সশস্ত্র বাহিনীয়ে যোৱা ৭ মেত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ কৰিছিল। শ্ৰীনগৰত বিজেপিৰ ত্ৰিৰংগা অভিযানত দলৰ জ্যেষ্ঠ নেতা তথা জম্মু-কাশ্মীৰ ৱাকফ বোর্ডৰ অধ্যক্ষ ড০ ডাৰাখশ্বান আন্দ্ৰাবীয়ে নেতৃত্ব দিয়ে। আনহাতে ভালেসংখ্যক বিজেপি কর্মীয়ে অংশগ্ৰহণ কৰা অনন্তনাগৰ ত্ৰিৰংগা অভিযানত দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা ছ’ফী ইউছুফে নেতৃত্ব দিয়ে। গুজৰাটৰ বিভিন্ন অঞ্চলতো আজি অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত ভাৰতীয় সশস্ত্র বাহিনীৰ বীৰত্বক সন্মান জনোৱাৰ উদ্দেশ্যে বিজেপিয়ে আৰম্ভ কৰা ত্ৰিৰংগা যাত্রা অনুষ্ঠিত কৰা হয়। ৰাজ্যখনৰ মতিবাগ টাউন হলৰ পৰা শ্বহীদ স্মৃতি সৌধলৈ উলিওৱা ত্ৰিৰংগা যাত্রা কেন্দ্রীয় মন্ত্রী নিমুবেন বাম্ভানীয়াই পতাকা জোকাৰি মুকলি কৰে। গান্ধীনগৰত অনুষ্ঠিত ত্ৰিৰংগা যাত্ৰাত মন্ত্ৰী হৰ্ষ ছাংগৱীয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক