ৰাষ্ট্ৰীয়

May 25, 2025 10:38 AM

views 12

নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত অপাৰেচন সিন্দূৰ সন্দৰ্ভত সশস্ত্র বাহিনীসমূহলৈ দেশৰ সকলো ৰাজ্যৰ সমৰ্থন

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে কালি নতুন দিল্লীত অনুষ্ঠিত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত অপাৰেচন সিন্দূৰ সন্দৰ্ভত সশস্ত্র বাহিনীসমূহলৈ সমৰ্থন প্রকাশ কৰে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্ৰমণ্যমে কয়, যে পেহেলগামৰ ঘটনাক লৈ জনসা...

May 25, 2025 10:34 AM

views 16

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ-পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ’ব বুলি ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াৰ ঘোষণা

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ-পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰিছে। নতুন দিল্লীত আয়োজিত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন ২০২৫ৰ সামৰণি অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এই বি...

May 25, 2025 10:14 AM

views 29

আজি দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি দিনৰ ১১ বজাত দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কি বাত অনুষ্ঠানৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান আকাশবাণীৰ ৱেবছাইট আৰু News on AIR...

May 24, 2025 8:18 PM

views 21

উত্তৰ-পূৰ্বাঞ্চল এতিয়া ভাৰতৰ সীমামূৰীয়া অংশই হৈ থকা নাই বৰং দেশৰ উন্নয়ন যাত্ৰাৰ মূল কেন্দ্ৰ হৈ পৰিছে – জয়ন্ত চৌধুৰী

 দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে উত্তৰ-পূৰ্বাঞ্চল এতিয়া ভাৰতৰ সীমামূৰীয়া অংশই হৈ থকা নাই বৰং দেশৰ উন্নয়ন যাত্ৰাৰ মূল কেন্দ্ৰ হৈ পৰিছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ৰাইজিং নর্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেও...

May 24, 2025 8:15 PM

views 26

সন্ত্ৰাসবাদৰ প্রতি ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে নিজৰ স্থিতি স্পষ্ট কানিমোঝিৰ নেতৃত্বত ৰাছিয়ালৈ যোৱা বহুদলীয়া প্ৰতিনিধি দলটোৰ

ডি এম কেৰ সাংসদ কানিমোঝিৰ নেতৃত্বত ৰাছিয়ালৈ যোৱা বহুদলীয়া প্ৰতিনিধি দলটোৱে আজি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্রতি ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে নিজৰ স্থিতি স্পষ্ট কৰে। মস্কোত থকা ভাৰতীয় দূতাবাসত এখন যুটীয়া সংবাদমেলত সাংসদ কানিমোঝিয়ে কয়, যে পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীয়ে পেহে...

May 24, 2025 7:29 PM

views 32

দেশৰ প্ৰতিখন ৰাজ্যত আন্তঃগাঁথনি সম্পন্ন কমেও এখন পর্যটনথলী বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

আন্তৰাষ্ট্ৰীয় মানৰ সৈতে তাল মিলাই দেশৰ প্ৰতিখন ৰাজ্যত সকলো সা-সুবিধা আৰু আন্তঃগাঁথনি সম্পন্ন কমেও এখন পর্যটনথলী বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। নতুন দিল্লীত আজি নীতি আয়োগৰ দশম প্ৰশাসনীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীমোদীয়ে এই আহ্বান জনায়। তেওঁ কয় যে এখন ৰাজ্য- এটা...

May 24, 2025 6:31 PM

views 21

সমাগত ইংলেণ্ড ভ্রমণসূচীৰ বাবে ভাৰতৰ টেষ্ট দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আজি সমাগত ইংলেণ্ড ভ্রমণসূচীৰ বাবে ভাৰতৰ টেষ্ট দলটো ঘোষণা কৰিছে। শুভমন গিল নেতৃত্বাধীন জাতীয় দলটোত ছাই সুদর্শন নতুন মুখ হিচাপে স্থান লাভ কৰিছে। আনহাতে দীৰ্ঘদিনৰ মূৰত জাতীয় টেষ্ট দলত কৰুণ নায়াৰে স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। উইকেট ৰক্ষক-বেটাৰ ঋষভ পণ্টক উপ-অধিনায়ক হ...

May 24, 2025 4:25 PM

views 31

ঝাৰখণ্ডত দুৰ্ধৰ্ষ মাওবাদী পাপ্পু লোহাৰাসহ ৩ মাওবাদী বিদ্ৰোহী পুলিচৰ সৈতে হোৱা সংঘৰ্ষত নিহত

ঝাৰখণ্ডত দুৰ্ধৰ্ষ মাওবাদী পাপ্পু লোহাৰাসহ তিনিজন মাওবাদী বিদ্ৰোহী পুলিচৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয়৷ যোৱা নিশা লাতেহাৰ জিলাৰ ছলাইয়া অৰণ্যৰ সমীপত আৰক্ষীৰ সৈতে মাওবাদী দলৰ গুলিয়াগুলি হয়। নিহত পাপ্পু লোহাৰা আছিল ঝাৰখণ্ড জনমুক্তি পৰিষধ নামৰ নক্সাল সংগঠনটোৰ মুৰব্বী। চৰকাৰে তেওঁৰ ওপৰত ১০ লাখ টকাৰ নগদ প...

May 24, 2025 4:20 PM

views 11

বাহৰেইনত উপস্থিত বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সর্বদলীয় প্ৰতিনিধিৰ দল

বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সর্বদলীয় প্ৰতিনিধিৰ দল আজি বাহৰেইনত উপস্থিত হৈছে। দলটোৱে সকলোধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাক দেশখনৰ নেতৃবৰ্গৰ সন্মুখত তুলি ধৰিব। এই মুখামুখিত প্রতিনিধিদলটোৱে সীমান্তৰ সিপাৰৰ পৰা চলি থকা সন্ত্ৰাসবাদ সম্পৰ্কত ভাৰতৰ অনমনীয় স্থিতিৰ সন্দৰ্ভতো দেশ...

May 24, 2025 4:09 PM

views 38

দশম পৰিচালন পৰিষদৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত নীতি আয়োগৰ দশম পৰিচালন পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত অন্যান্যসকলৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু, হিমাচল প্রদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং ছুকু, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদব আৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।