ৰাষ্ট্ৰীয়

June 6, 2025 9:22 PM

views 34

২৬–১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িতৰ অভিযোগত অভিযুক্ত তাহাবুৰ হুছেইন ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি ২৬–১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত তাহাবুৰ হুছেইন ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈকে বৃদ্ধি কৰিছে। আজি অভিযুক্ত ৰাণাক ভি ডি অ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱাৰ সময়ত বিশেষ ন্যায়াধীশ চন্দ্ৰেজিৎ সিঙে ৰাণাক পুনৰ ন্যায়িক জিম্মাত ৰখাৰ নির্দেশ দি...

June 6, 2025 9:19 PM

views 33

পলাতক ব্যৱসায়ী মেহুল চক্সীৰ বেংক একাউণ্ট, মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰসমূহ জব্দ কৰি ২ কোটিতকৈও অধিক টকা উচুল কৰাৰ বাবে ছেবিৰ নির্দেশ

পলাতক ব্যৱসায়ী মেহুল চক্সীৰ বেংক একাউণ্ট, মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰসমূহ জব্দ কৰি ২ কোটিতকৈও অধিক টকা উচুল কৰাৰ বাবে ছেবিয়ে নির্দেশ দিছে। মেহুল চক্সীক গীতাঞ্জলি জেমছৰ শ্বেয়াৰসমূহ বে-আইনীভাৱে ব্যৱসায় কৰাৰ বাবে ২ কোটি টকাৰ জৰিমনা বিহা হৈছিল। চক্সী গীতাঞ্জলি জেমছৰ অধ্যক্ষ তথা ব্যৱস্থাপন সঞ্চালক হৈ...

June 6, 2025 9:15 PM

views 35

মুম্বাই আৰু কোচিৰ ১৫ টাকৈ স্থানত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযান

বিধি বলবৎকাৰী সঞ্চালকালয়, ই ডিয়ে আজি অভিনেতা দীনু মোৰিয়া, তেওঁৰ ভাতৃৰ কেইবাজনো ঠিকাদাৰৰ বাসগৃহৰ লগতে মুম্বাই আৰু কোচিৰ ১৫ টাকৈ স্থানত অভিযান চলাইছে। উল্লেখযোগ্য যে, মিথি নদীৰ নিষ্কাষণ কেলেংকাৰীৰ সৈতে জড়িত ৬৫ কোটি টকীয়া বিত্তীয় অনিয়মৰ গোচৰত মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই দাখিল কৰা এফ আই...

June 6, 2025 9:07 PM

views 42

কেন্দ্ৰত শাসনাধিস্থিতিত প্রধানমন্ত্ৰী মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণৰ দিশে অগ্ৰসৰ

কেন্দ্ৰত শাসনাধিস্থিতিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ ভাৰতে বিগত দশকত উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় ...

June 6, 2025 8:24 PM

views 33

জম্মু-কাশ্মীৰৰ বিকাশৰ যাত্ৰাত নতুনকৈ উদ্বোধন কৰা বৃহৎ প্রকল্পসমূহে বিশেষ গুৰুত্ব বহন কৰিছেঃ প্রধানমন্ত্ৰী

জম্মু-কাশ্মীৰৰ বিকাশৰ যাত্ৰাত নতুনকৈ উদ্বোধন কৰা বৃহৎ প্রকল্পসমূহে বিশেষ গুৰুত্ব বহন কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। কাট্ৰাত চেনাব দলং আৰু আঞ্জি খাদ দলং উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে এই অত্যাধুনিক চেনাব দলঙে জম্মু আৰু শ্ৰীনগৰৰ মাজৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত ক...

June 6, 2025 8:21 PM

views 49

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্রিক নীতি সমিতিয়ে ৰেপ’ৰেট ৫০ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৫.৫ শতাংশ কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্রিক নীতি সমিতিয়ে আজি ৰেপ'ৰেট ৫০ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৫.৫ শতাংশ কৰে। ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংকে ফেব্ৰুৱাৰী আৰু এপ্ৰিলতো ২৫ পইণ্ট হ্ৰাস কৰিছিল। ২০২৫ বৰ্ষত এতিয়ালৈকে ৰেপ’ ৰেটৰ ক্ষেত্ৰত সৰ্বমুঠ ১ শতাংশ হ্ৰাস কৰা হৈছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোত্ৰাই প্ৰক...

June 6, 2025 12:54 PM

views 26

ছিন্নস্বামী ষ্টেডিয়ামত পদপিষ্ট হৈ ১১ জন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ভালেকেইগৰাকী জ্যেষ্ঠ বিষয়াক নিলম্বন

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰামায়াই ছিন্নস্বামী ষ্টেডিয়ামত পদপিষ্ট হৈ ১১ জন লোকৰ মৃত্যুৰ ঘটনা সংক্রান্তত বেংগালুৰুৰ আৰক্ষী আয়ুক্ত বি. দনায়ন্দ আৰু ভালেকেইগৰাকী জ্যেষ্ঠ বিষয়াক নিলম্বন কৰিছে। তেওঁ লগতে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু দল, ইভেন্ট মেনেজমেণ্ট ফার্ম ডি এন এ এণ্টাৰটেণ্টমেণ্ট আৰু কৰ্ণাটক ৰাজ...

June 6, 2025 12:53 PM

views 18

অহা ৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অমৰ নাথ যাত্ৰাৰ বাবে অপাৰেছন শিৱা আৰম্ভ

জম্মু-কাশ্মীৰত সেনা বাহিনীয়ে অহা ৩ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া ৩৮ দিনীয়া অমৰ নাথ যাত্ৰাৰ সম্পূৰ্ণ নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখি এক বিস্তৃত নিৰাপত্তা পদক্ষেপ হিচাপে অপাৰেছন শিৱা আৰম্ভ কৰিছে। যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাকে ধৰি শেহতীয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সৈতে মোক...

June 6, 2025 12:50 PM

views 27

কাজাখস্তানৰ উপ-প্রধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মুৰাট নুৰ্টলিউৰ সৈতে ড° এছ জয়শংকৰৰ বৈঠক অনুষ্ঠিত

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত কাজাখস্তানৰ উপ-প্রধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মুৰাট নুৰ্টলিউৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ড° জয়শংকৰে ভাৰত আৰু কাজাখস্তানৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। তেওঁ ৰাজনীতি, বাণিজ্য, বিনিয়োগ...

June 6, 2025 12:47 PM

views 21

ছিকিমত আৱদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত

ছিকিমত এম আই ছেভেণ্টিন শ্ৰেণীৰ হেলিকপ্তাৰ, ভাৰতীয় সেনা, বায়ুসেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ছিকিমৰ চটেনত আৱদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। অৱশ্যে প্ৰতিকূল বতৰৰ বাবে কালি এই অভিযান বন্ধ ৰাখিবলগীয়া হৈছিল। আৱদ্ধ পর্যটকসকলক বাগডোগ্ৰালৈ নিৰাপদে ঘূৰাই অনাৰ ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।