আন্তৰ্জাতিক সংবাদ

June 20, 2025 11:27 AM

views 70

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অধিক তীব্ৰতৰ

ইজৰাইল আৰু ইৰাণৰ মাজত বিগত ৭ দিন ধৰি চলি থকা যুদ্ধখন অধিক তীব্ৰতৰ হৈ উঠিছে। ইজৰাইলে কালি তেহৰাণত থকা ইৰাণৰ অভ্যন্তৰীণ সুৰক্ষা মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি আক্ৰমণ চলায়। ইয়াৰ বিপৰীতে ইৰাণ দক্ষিণ ইজৰাইলৰ এখন চিকিৎ‍সালয়ত ক্ষেপনাস্ত্ৰৰে আঘাট সানে। দুয়োখন দেশে পৰস্পৰৰ গুৰুত্বপূৰ্ণ প্রতিষ্ঠানসমূহক লক্ষ্...

June 19, 2025 8:17 PM

views 22

সপ্তম দিনাও ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অব্যাহত

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ আজি সপ্তম দিনাও অব্যাহত আছে। ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ ভালেমান ঠাইত গুৰুতৰ ক্ষতি সাধন কৰিছে। ইয়াৰ বিপৰীতে ইজৰাইলী বাহিনীয়ে ইৰাণৰ অৰাক গধুৰ জল পাৰমাণৱিক ৰিয়েক্টৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয় আৰু তেল আভিভ...

June 19, 2025 3:28 PM

views 24

ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘাত শীঘ্ৰেই অৱসান ঘটোৱাৰ লগতে শান্তি স্থাপনত পোষকতা ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিয় গুটেৰেছৰ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিয় গুটেৰেছে ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘাত শীঘ্ৰেই অৱসান ঘটোৱাৰ লগতে শান্তি স্থাপনৰ পোষকতা কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা সাম্প্রতিক সংঘাতত উদ্বেগ প্রকাশ কৰি সচিব প্ৰধানগৰাকীয়ে এই সংঘাতক আৰু অধিক আন্তঃৰাষ্ট্ৰীয়কৰণ নকৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে সামৰিক বাহিনীৰ অ...

June 18, 2025 7:40 PM

views 15

ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ অব্যাহত

মিছাইল আৰু আকাশমাৰ্গেৰে কৰা আক্ৰমণেৰে আজি ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষই আজি ছদিন অতিক্ৰম কৰিছে। তেহৰানত হোৱা বিস্ফোৰণৰ পাছত কেন্দ্ৰীয় চালিত আৰু অস্ত্ৰ উৎপাদনৰ এলেকাসমূহ আক্রমণ কৰাৰ কথা ইজৰাইলে নিশ্চিত কৰিছে। হাইপাৰচনিক ফাতেহ প্রজেক্টাইলকে ধৰি আন বহুতো মিছাইলেৰে ইৰানে, ইজৰাইলৰ বিমান সামৰিক ব্যৱস্থাৰ...

June 18, 2025 12:46 PM

views 28

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব স্টাফ তথা ছুপ্রিম লিডাৰ আয়াতুল্লা আলি খামেনেৰ ঘনিষ্ঠ উপদেষ্টা আলি ছাদমানীৰ তেহৰানৰ এটা কমাণ্ড চেণ্টাৰত হোৱা বিমান আক্ৰমণত মৃত্যু হৈছে বুলি নিশ্চিত কৰিছে। যোৱা শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ চীফ অব্ ষ্টাফৰ মৃত্যু হোৱাৰ পাছতেই ছাদমানীয়ে দেশখনৰ খতম-অল-আনবিয়া কে...

June 18, 2025 12:41 PM

views 28

ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সকিয়নী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত এলানি ভাবুকিমুলক পোষ্ট যোগে প্ৰকাশ কৰিছে যে, ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইক আমেৰিকাই হত্যা কৰিব পাৰে যদিও তেনে কৰাৰ পৰা বিৰত আছে। আমেৰিকাৰ সাধাৰণ নাগৰিক আৰু সৈন্যৰ বিৰুদ্ধে হ'ব পৰা প্রত্যাক্রমণৰ সম্ভাৱনালৈ লক্ষ্য ৰাখিয়েই আলী খামেনেইক আমেৰিকাই হ...

June 17, 2025 7:49 PM

views 34

কানাডাত অনুষ্ঠিত জি-৭ শীর্ষ সন্মিলন আধাতে সামৰি ৱাছিংটনলৈ প্ৰত্যাৱৰ্তন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ইজৰাইল আৰু ইৰানৰ মাজৰ বৰ্ধিত সংঘৰ্ষৰ বাবে কানাডাত অনুষ্ঠিত জি-ছেভেন শীর্ষ সন্মিলন আধাতে সামৰি ৱাছিংটনলৈ উভতি গৈছে। বিশ্বনেতাসকলে পশ্চিম এছিয়াৰ উত্তেজনা হ্ৰাস কৰাৰ আহ্বান জনাই যুটীয়া বিবৃতি জাৰি কৰা কেইঘণ্টামানৰ পিছতে শ্ৰীট্টাম্পে বৈঠক সামৰি আমেৰিকা...

June 17, 2025 9:47 AM

views 13

ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিঙত ইজৰাইলৰ আক্রমণ

ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিং চমুকৈ আই আৰ আই বিৰ ওপৰত ইজৰাইলে আক্রমণ চলাই ইয়াৰ আন্তঃগাঁথনি ধ্বংস কৰে। ইজৰাইলৰ সামৰিক বিষয়াই জনোৱা অনুসৰি ইৰানৰ সকলো ধৰণৰ আন্তঃগাঁথনি ধ্বংস কৰি দিয়াৰ অংশ হিচাপে এই সম্প্ৰচাৰ কেন্দ্ৰটোতো আক্ৰমণ চলোৱা হৈছে। উল্লেখযোগ্য যে ইৰান আৰ...

June 15, 2025 8:39 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাইপ্ৰাছ, কানাডা আৰু ক্ৰয়েছিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত চাইপ্ৰাছত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছ, কানাডা আৰু ক্ৰয়েছিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি চাইপ্ৰাছত উপস্থিত হৈছে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোজ খ্রিষ্ট ডৌলিডেছে শ্রীমোদীক লানাকা আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায়। দুয়োগৰাকী নেতাই লেমেচচত দুয়োখন দেশৰ উদ্যমীসকলৰ সৈতে বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব। দেশ...

June 15, 2025 2:14 PM

views 18

ইৰানৰ আক্ৰমণত ইজৰাইলৰ ১০ গৰাকী লোকৰ মৃত্যু

ইৰান আৰু ইজৰাইলৰ প্ৰত্যক্ষ সংঘাটত আজি ইৰানৰ আক্ৰমণত ইজৰাইলৰ ১০ গৰাকী লোকৰ মৃত্যু হয়। ইৰানে আজি তেহৰানৰ এটা তেল ডিপোত আক্রমণ চলায়। দুয়োখন দেশৰ সামৰিক সংঘাটে ৩ দিনত ভৰি দিছে। দুয়োখন দেশৰ চৰকাৰে পৰস্পৰৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰ কৰাৰ হুংকাৰ দিছে। এই কথাই স্বাভাৱিকতে মৃত্যুৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰি আঞ্চ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।