বতৰ

April 10, 2025 6:44 PM

views 27

ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহাৰ লগতে বৰষুণ হোৱাৰ জাননী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যৰ কেইবাখনো জিলা বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, গোৱালপাৰা আদি জিলাত ধুমুহাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ জাননী জাৰি কৰিছে।        পশ্চিম কাৰ্বি আংলং জিলাত আজি অহা প্রবল ধুমুহা...

April 9, 2025 8:32 AM

views 35

ম্যানমাৰত বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৪৫ লৈ বৃদ্ধি

■ ম্যানমাৰত শেহতীয়াকৈ অহা ৭.৭ প্রাবল্যৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৪৫লৈ বৃদ্ধি পাইছে। দেশখনৰ প্ৰশাসনিক পৰিষদে প্ৰকাশ কৰা অনুসৰি এই ভূমিকম্পত কমেও ৫,০১৭ জন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু ১৪৮ জন এতিয়াও সন্ধানহীন হৈ আছে। যোৱা ২৮ মাৰ্চত জোকাৰি যোৱা দুটাকৈ বিধ্বংসী ভূমিকম্পৰ পৰৱৰ্তী সময়ছো...

April 1, 2025 12:28 PM

views 38

বতৰৰ বতৰাঃ

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৬.৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান ...

February 12, 2025 5:05 PM

views 37

অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণীৰে বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণীৰে বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইত ধাৰাষাৰ বৰষুণ বা তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে।

January 31, 2025 11:08 AM

views 79

বতৰৰ বতৰা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পাছত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই...

January 30, 2025 2:15 PM

views 36

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছৰ ভাগলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছৰ ভাগলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্ৰী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৪ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ...

January 6, 2025 12:15 PM

views 40

অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ত অহা ২৪ ঘণ্টাত বতৰ ফৰকাল, সন্ধিয়ালৈ ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত বতৰ ফৰকাল হৈ থাকিব। পুৱা আৰু সন্ধিয়াৰ ভাগলৈ অসমৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অংশত ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগলি বতৰা অনুসৰি আজি গুৱাহাটীৰ আকা...

January 4, 2025 12:10 PM

views 23

অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ আজি ফৰকাল হৈ থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি আজি আৰু কাইলৈ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিব। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা...

December 18, 2024 10:44 AM

views 34

অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ ফৰকাল হৈ থাকিব

বতৰৰ বতৰা– বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬.৫ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১১.৪ ডিগ্রী ছেলছিয়াছ। আজি গুৱাহাটী আৰু ইয়াৰ...

December 14, 2024 3:05 PM

views 35

বতৰৰ বতৰাঃ বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব

বতৰৰ বতৰাঃ বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ৰাজ্যত পুৱা আৰু নিশাৰ ভাগত কুঁৱলী পৰাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীত সর্বোচ্চ তাপমাত্ৰা আছিল ২৫.৫ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২.১ ডিগ্রী চেলছিয়াছ। আজিৰ দিনটোত গুৱাহাটীৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।