ডাউনলোড
মোবাইল এপ

android apple
signal

বিশ্বৰ ১ নম্বৰ স্থানৰ টেনিছ খেলুৱৈ ইটালীৰ জানিক চিনাৰক পৰাস্ত স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ

টেনিছত স্পেইনৰ কাৰ্লোছ আলকাৰাজে যোৱা নিশা বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈ ইটালীৰ জানিক চিনাৰক ৫ ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে দুটা ছেট পিছপৰি তিনিটা চেম্পিয়নশ্বিপ পইণ্টৰ সন্মুখীন হোৱা বৰ্তমানৰ চেম্পিয়ন আলকাৰাজে পৰাজয়ৰ দিশে অগ্ৰসৰ হৈছিল। কিন্তু গ্ৰেণ্ড শ্লেমৰ ইতিহাসৰ অন্যতম ৰোমাঞ্চকৰ ফাইনেল খেলখনত ৪-৬, ৬-৭, ৬-৪, ৭-৬, ৭-৬ ছেটত ২২ বছৰীয়া স্পেনিছ খেলুৱৈগৰাকীয়ে অৱশেষত জয়লাভ কৰে। ইয়াৰ লগে লগে আলকাৰাজে দ্বিতীয়টো ৰ’লেণ্ড গাৰোছৰ মুকুট নিশ্চিত কৰাৰ লগতে একেৰাহে পাঁচখন ফাইনেলত অপৰাজিত হৈ পঞ্চমটো গ্ৰেণ্ড শ্লেম খিতাপো নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে চাৰা এৰানি আৰু জেচমিন পাওলিনীৰ ইটালীৰ যুটিটোৱে মহিলাৰ ডাবলছত জয়লাভ কৰে। ফাইনেলত এই যুটিটোৱে কাজাখস্তানৰ আন্না ডানিলিনা আৰু ছাৰ্বিয়াৰ আলেকজেন্দ্ৰা ক্রুনিকৰ যুটিটোক ৬-৪, ২-৬, ৬-১ ছেটত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে৷

অধিক পঢ়ক

সকলো চাওক