অসম মন্ত্রীসভাই দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি ক্রয় বিক্ৰয়ৰ নতুন বিশেষ কার্যবিধি অর্থাৎ এছ অ’ পিত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিশপুৰত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত তেওঁ এইকথা প্ৰকাশ কৰে। ড° শৰ্মাই কয় যে এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকক ভূমি ক্রয়-বিক্রয় কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ অনুমোদনৰ প্ৰয়োজন হ’ব। তেওঁ লগতে কয় যে ভূমি বিক্ৰীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো গুৰুত্ব আৰোপ কৰা হ’ব। ভূমি ক্ৰয় কৰা বা বিক্ৰী কৰা লোকৰ আয়ৰ উৎসৰ ওপৰতো দৃষ্টি ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আনহাতে, একে ধৰ্মৰ লোকৰ মাজত ভূমিৰ বেচা কিনাৰ ক্ষেত্ৰত নতুন এছ অ’ পি প্রযোজ্য নহয় বুলি তেওঁ কয়। ৰাজ্যৰ বাহিৰৰ এন জি অ’ই ভূমি ক্ৰয়ৰ ক্ষেত্ৰতো এই নীতি প্রযোজ্য হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
আজিৰ বৈঠকত অসম উদ্যানশস্য উন্নয়ন লিমিটেডৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে মন্ত্রীসভাই ৬ কোটি টকা মঞ্জুৰি দিয়ে। বৈঠকত লগতে ৪ টা বিনিয়োগৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হয়।
বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী অধীসূচনাৰ বাবে সৰুসজাইত হৈ যোৱা ঝুমইৰ বিনন্দিনীত অংশ লোৱা শিল্পীসকলক অহা ১২ অক্টোবৰত মাননী প্ৰদান কৰাত মন্ত্ৰীসভাই অনুমোদন জনায়।
ইপিনে, উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ১৩ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বুলি সংবাদ মেলত মুখ্যমন্ত্ৰী ড° শৰ্মাই প্রকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ১৩ ছেপ্তেম্বৰত সুধাকণ্ঠৰ জন্ম শতবার্ষিকী অনুষ্ঠানত অংশ লব। নিশাটো গুৱাহাটীত কটাই তেওঁ ১৪ ছেপ্তেম্বৰত নুমলীগড় আৰু মঙলদৈত আয়োজিত কাৰ্যসূচীত অংশ ল’ব।