August 27, 2025 8:00 PM

views 26

দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি ক্রয় বিক্ৰয়ৰ নতুন এছ অ’ পিত অসম মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি ক্রয় বিক্ৰয়ৰ নতুন বিশেষ কার্যবিধি অর্থাৎ এছ অ' পিত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিশপুৰত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত তেওঁ এইকথা প্ৰকাশ কৰে। ড° শৰ্মাই কয় যে এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকক ভূমি ক্রয়-বিক্রয় কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ লগতে কয় যে ভূমি বিক্ৰীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো গুৰুত্ব আৰোপ কৰা হ'ব। ভূমি ক্ৰয় কৰা বা বিক্ৰী কৰা লোকৰ আয়ৰ উৎসৰ ওপৰতো দৃষ্ট...