ডাউনলোড
মোবাইল এপ

android apple
signal

বিটিচি নিৰ্বাচনৰ বাবে ২২ জুলাইত খচৰা ভোটৰ তালিকা প্ৰকাশ

অসম ৰাজ্যিক নির্বাচন আয়োগে সমাগত বিটিচি নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। আয়োগে ইতিমধ্যে ফটোযুক্ত ভোটাৰ তালিকা প্রস্তুত আৰু প্ৰকাশ কৰিবলৈ সময় নিৰ্ধাৰিত নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি অহা ২২ জুলাইত খচৰা ভোটৰ তালিকা প্ৰকাশ পাব। খচৰা ভোটাৰ তালিকা সম্পৰ্কীয় ওজৰ-আপত্তি আৰু অভিযোগ দাখিলৰ বাবে ৫ আগষ্ট অন্তিম দিন ধাৰ্য কৰা হৈছে। ১১ আগষ্টৰ ভিতৰত ওজৰ-আপত্তি আৰু অভিযোগসমূহ নিষ্পত্তি কৰা হ’ব। এই প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত ১৩ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব। ১৮ আগষ্টত ভোটগ্রহণ কেন্দ্ৰসমূহৰ তালিকা ঘোষণাৰ দিন ধাৰ্য কৰা হৈছে। ইপিনে, প্ৰস্তুতিৰ অংশ হিচাপে নিৰ্বাচন আয়োগে নির্বাচনী আচৰবিধি বলৱৎ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত অধিসূচনা জাৰি কৰাৰ লগে লগে বি টি আৰৰ পাঁচখন জিলা ক্ৰমে তামুলপুৰ, ওদালগুৰি, বাক্সা, কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হ’ব। পত্ৰখনৰ জৰিয়তে ভোটাৰ তালিকা প্রস্তুত আৰু নিৰ্বাচন সম্পৰ্কীয় কৰ্তব্যত নিয়োজিত বদলীকৰণ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক