July 22, 2025 7:51 PM

views 24

সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে আজি চিৰাঙৰ পাঁচটা পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। খচৰা ভোটাৰ তালিকাৰ আপত্তি আৰু সংশোধনৰ অন্তিম সময়সীমা ৫ আগষ্ট ধাৰ্য কৰা হৈছে। আমাৰ সংবাদদাতাসকলে জনোৱামতে কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা নির্বাচনী বিষয়া যতীন বৰাই খচৰা ভোটাৰ তালিকা প্রকাশ কৰে। তামুলপুৰ জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিৰ ভোটাৰ তালিকাও আজি প্ৰকাশ কৰা হৈছে। তামুলপুৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰ...

July 13, 2025 12:41 PM

views 9

বিটিচি নিৰ্বাচনৰ বাবে ২২ জুলাইত খচৰা ভোটৰ তালিকা প্ৰকাশ

অসম ৰাজ্যিক নির্বাচন আয়োগে সমাগত বিটিচি নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। আয়োগে ইতিমধ্যে ফটোযুক্ত ভোটাৰ তালিকা প্রস্তুত আৰু প্ৰকাশ কৰিবলৈ সময় নিৰ্ধাৰিত নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি অহা ২২ জুলাইত খচৰা ভোটৰ তালিকা প্ৰকাশ পাব। খচৰা ভোটাৰ তালিকা সম্পৰ্কীয় ওজৰ-আপত্তি আৰু অভিযোগ দাখিলৰ বাবে ৫ আগষ্ট অন্তিম দিন ধাৰ্য কৰা হৈছে। ১১ আগষ্টৰ ভিতৰত ওজৰ-আপত্তি আৰু অভিযোগসমূহ নিষ্পত্তি কৰা হ'ব। এই প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত ১৩ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব। ১৮ ...