সমাগত বি টি চি নিৰ্বাচনৰ বাবে বি চি আৰ এলেকাত বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিৰ্বাচনী ৰণকৌশল প্রস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি বাক্সা জিলাৰ জালাহত দলীয় কৰ্মীক সাক্ষাৎ কৰি অঞ্চলটোত দলৰ স্থিতি সম্পৰ্কে আলোচনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰতিটো পৰিষদীয় সমষ্টিৰ ৩০ গৰাকী কাৰ্যকৰ্তাক বুথ সমূহৰ তথ্য আহৰণৰ দায়িত্ব দিয়া হৈছিল। তেওঁ ককলাবাৰী পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়ী হ’ব বুলি আশা প্ৰকাশ কৰে। বি টি এডিৰ পাঁচখন জিলাতে মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰিব বুলি তেওঁ উল্লেখ কৰে। সমাগত বি টি চি নিৰ্বাচনত বিজেপি ১৮ টাতকৈও অধিক সমষ্টিত জয়লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বিধায়ক ফণীধৰ তালুকদাৰ আৰু কেইবাগৰাকীও দলীয় নেতা উপস্থিত আছিল।
Site Admin | June 27, 2025 12:50 PM | BTC | Election
সমাগত বি টি চি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ৰণকৌশল প্রস্তুত
