December 20, 2025 6:30 PM | Assam Book Fair

printer

অহা ২৪ ডিচেম্বৰৰ পৰা হ’বলগীয়া অসম গ্রন্থমেলাত ২৭ ডিচেম্বৰত যুৱ লেখকৰ বিশেষ অনুষ্ঠান উন্মীলন

গুৱাহাটীৰ খানাপাৰাত অহা ২৪ ডিচেম্বৰৰ পৰা হ’বলগীয়া অসম গ্রন্থমেলাত ২৭ ডিচেম্বৰত যুৱ লেখকৰ বিশেষ অনুষ্ঠান উন্মীলন অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আবেদনৰ ভিত্তিত ৩৫ বছৰ অনুৰ্ধৰ ৩৫ গৰাকী যুৱ লেখক-লেখিকাক বাছনিৰ ব্যৱস্থা কৰা হৈছে। আগ্রহী লেখক-লেখিকাসকলে ২৩ ডিচেম্বৰৰ পূর্বে অসম প্রকাশন পৰিষদৰ ৱেবছাইটত উন্মীলন শীর্ষক গুগলৰ প্ৰ-পত্ৰখন পূৰণ কৰিব লাগিব। খানাপাৰা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ২৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত এই কার্যসূচী অনুষ্ঠিত হ’ব। যুৱ লেখক লেখিকাসকলৰ মাজৰ পৰা বাচনি কৰা ৩৫ গৰাকীক অসম গ্ৰন্থমেলাৰ আয়োজক কর্তৃপক্ষই যোগাযোগ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।