বহিঃৰাজ্যৰ যান-বাহনৰ পুনৰ পঞ্জীয়নৰ নামত সংঘটিত কেলেংকাৰি সম্পৰ্কত বঙাইগাঁও জিলা পৰিবহণ বিষয়া দীপক পাটোৱাৰীক গুৱাহাটীৰ ৰিহাবাৰীস্থিত তেওঁৰ বাসভৱনৰ পৰা কালি বঙাইগাঁও আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে তেওঁৰ উলুবাৰী আৰু ৰিহাবাৰীত থকা বাসভৱনত অভিযান চলোৱাৰ সময়ত বহু আপত্তিজনক নথি-পত্র, বিত্তীয় সংক্রান্তিয় নথি-পত্ৰৰ লগতে বেংকৰ কেইবাখনো পাছবুক জব্দ কৰে। উল্লেখযোগ্য যে বিগত ২০২৩-২৪ বৰ্ষ তথা যোৱা জুলাই মাহলৈকে বঙাইগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মুঠ ৪১৭ খন গাড়ী পুনৰ পঞ্জীয়ন কৰা হৈছিল। যিবোৰ গাড়ী পূৰ্বতে বহিঃৰাজ্যত পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বঙাইগাঁও জিলাৰ এজন সচেতন নাগৰিকৰ তথ্যৰ ভিত্তিতে ৰাজ্যৰ পৰিবহণ বিভাগত সৃষ্টি হৈ থকা এই কেলেংকাৰিৰ তথ্য পোহৰলৈ আহে।
Site Admin | September 9, 2024 11:21 AM | bongaigaon dto arrest
বহিঃৰাজ্যৰ যান-বাহনৰ পুনৰ পঞ্জীয়নৰ কেলেংকাৰিত বঙাইগাঁও জিলা পৰিবহণ বিষয়াক আটক