ডাউনলোড
মোবাইল এপ

android apple
signal

August 24, 2025 8:44 PM | bongaigaon meeting

printer

বঙাইগাঁৱৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাতৃভাষা সজাগতা সভা

প্ৰণামো মাতৃভাষাৰ উদ্যোগত আৰু বঙাইগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত আজি বঙাইগাঁৱৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাতৃভাষা সজাগতা সভা অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মাতৃভাষা মাধ্যমত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ পোষকতা কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। সভাত ভাগ লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ সত্যকাম বৰঠাকুৰে মাতৃভাষা মাধ্যমৰ বিপৰীতে গঢ় লৈ উঠা শিক্ষা ব্যৱস্থাৰ সৈতে অসমীয়া জাতি, মাটি আৰু সংস্কৃতিৰ সম্পৰ্ক নাই বুলি উল্লেখ কৰে। সভাত অসম জাতীয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অসীম কৃষ্ণ বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্রকাশ মহন্ত, বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদীপ পাঠককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।