August 24, 2025 8:44 PM

views 10

বঙাইগাঁৱৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাতৃভাষা সজাগতা সভা

প্ৰণামো মাতৃভাষাৰ উদ্যোগত আৰু বঙাইগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত আজি বঙাইগাঁৱৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাতৃভাষা সজাগতা সভা অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মাতৃভাষা মাধ্যমত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ পোষকতা কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। সভাত ভাগ লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ সত্যকাম বৰঠাকুৰে মাতৃভাষা মাধ্যমৰ বিপৰীতে গঢ় লৈ উঠা শিক্ষা ব্যৱস্থাৰ সৈতে অসমীয়া জাত...