ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 13, 2025 12:35 PM | BJP meeting

printer

নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নির্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত

ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নির্বাচন সমিতিৰ এখন বৈঠক যোৱানিশা নতুন দিল্লীৰ দলৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্রহণ কৰে। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি তথা প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত হয়। বিহাৰ নিৰ্বাচনত এন ডি এৰ আসন ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰাৰ পাছতে বিজেপিৰ কেন্দ্রীয় নির্বাচন সমিতিৰ বৈঠকৰ আহ্বান জনোৱা হয়। বিহাৰ বিধানসভা নির্বাচনৰ বাবে এন ডি এয়ে কালি ঘোষণা কৰা আসন ভাগ বাটোৱাৰা চুক্তি অনুসৰি বিজেপি আৰু জনতা দল ইউনাইটেডে ১০১ খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে লোক জনশক্তি পার্টিয়ে ২৯ খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব। একেদৰে ৰাষ্ট্ৰীয় লোক মৰ্চা আৰু হিন্দুস্তানী আবাম মর্চাই ৬ খনকৈ আসনত প্রতিদ্বন্দ্বিতা কৰিব।

এই নির্বাচনত এন ডি এয়ে বিৰোধী আই এন ডি আই মিত্রজোটৰ বিৰুদ্ধে কঠিন যুঁজত অৱতীর্ণ হ’ব। আই এন ডি আই মিত্রজোঁটত তেজস্বী যাদৱৰ নেতৃত্বৰ ৰাষ্ট্ৰীয় জনতা দল, কংগ্রেছ, চি পি আই (এম এল) লিবাৰেচন, চি পি আই, চি পি আই (এম) আৰু মুকেশ সাহানিৰ নেতৃত্বত বিকাশশীল ইনছান পার্টি আছে। আই এন ডি আই মিত্রজোটে এতিয়াও আসন ভাগ বাটোৱাৰাৰ ব্যৱস্থা চূড়ান্ত কৰা নাই।

বিহাৰ বিধানসভা নির্বাচন অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পর্যায়ত অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ’ব। প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে অহা বুধবাৰে বিহাৰত বুথ পৰ্যায়ৰ দলীয় কর্মীসকলৰ সৈতে মত বিনিময় কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রীমোদীয়ে মেৰা বুথ সবছে মজবুত শীর্ষক কার্যসূচীত যোগদান কৰি তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ আগবঢ়াবলৈ দলীয় কর্মীসকলক আহ্বান জনায়। প্রধানমন্ত্রীয়ে কিছুসংখ্যক বছা বছা কর্মীৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব বুলি জানিবলৈ দিয়ে।