October 13, 2025 12:35 PM

views 52

নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নির্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত

ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নির্বাচন সমিতিৰ এখন বৈঠক যোৱানিশা নতুন দিল্লীৰ দলৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্রহণ কৰে। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি তথা প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত হয়। বিহাৰ নিৰ্বাচনত এন ডি এৰ আসন ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰাৰ পাছতে বিজেপিৰ কেন্দ্রীয় নির্বাচন সমিতিৰ বৈঠক...

August 17, 2025 8:04 PM

views 61

দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দলৰ সংসদীয় পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

■ বিজেপিৰ নতুন দিল্লীত থকা মুখ্য কাৰ্য্যালয়ত দলৰ সংসদীয় পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সংসদীয় পৰিষদৰ অন্যান্য সদস্যসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছে। দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বৈঠকত প্ৰধানকৈ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনা হোৱাৰ কথা আছে। যোৱা ৬ আগষ্টত শাসনাধিষ্ঠিত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা-এন ডি এৰ নেতাসকলে উপ-ৰাষ...

August 5, 2025 3:21 PM

views 37

সংসদ ভৱন চৌহদত আজি এন ডি এৰ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত

■ নতুন দিল্লীৰ সংসদ ভৱন চৌহদত আজি এন ডি এৰ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু এন ডি এৰ সাংসদসকল উপস্থিত থাকে। বৈঠকত প্রধানমন্ত্রী মোদীক সাংসদসকলে অপাৰেচন সিন্দূৰ আৰু অপাৰেচন মহাদেৱৰ সাফল্যৰ বাবে সম্বৰ্ধনা জনায়। এই অভিযানসমূহৰ সাফল্যৰ সন্দৰ্ভত এন ডি এৰ সাংসদসকলে সৰ্বসন্মতভাৱে এটা প্ৰস্তাৱ গ্ৰহণ কৰি সশস্ত্ৰ বাহিনীৰ ভূমিকাৰ প্ৰশংসা কৰে। লগতে পেহে...

July 18, 2025 8:24 PM

views 49

সমাগত বি টি আৰ নিৰ্বাচন সন্দৰ্ভত বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত বৈঠক

সমাগত বি টি আৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সাংগঠনিক কামকাজ আৰু নিৰ্বাচনী প্রস্তুতি তীব্ৰতৰ কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীস্থিত ভাৰতীয় জনতাপাৰ্টী, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু পৰিকল্পনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰৰাজু, প্ৰভাৰী হৰিশ দিবেদীকে ধৰি দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। ইপিনে, বি টি আৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আজি তা...

February 18, 2025 11:48 AM

views 34

নতুন দিল্লীত কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক হোৱাৰ সম্ভাৱনা

নতুন দিল্লীত কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত দলৰ জ্যেষ্ঠ নেতাসকলৰ লগতে বিজেপিৰ নৱনিৰ্বাচিত আটাইকেইটা বিধায়কে অংশগ্ৰহণ কৰিব। দলীয় সূত্ৰৰ তথ্য অনুসৰি বৈঠকৰ সময়ত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান চলিত মাহৰ ২০ তাৰিখে নতুন দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ বিষয়েও সূত্ৰটোৱে প্রকাশ কৰে। ইপিনে নতুন দিল্লীত কালি দিল্লী বিজেপি নেতাৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ সাধাৰণ সম্পাদক বিন...

December 29, 2024 8:22 PM

views 52

নতুন দিল্লীত  ভাৰতীয় জনতা পাৰ্টীৰ  মুখ্য কাৰ্যালয়ত দলটোৰ সাংগঠনিক নির্বাচনৰ পর্যালোচনা

ভাৰতীয় জনতা পাৰ্টীৰ নতুন দিল্লীত থকা দলীয় মুখ্য কাৰ্যালয়ত অব্যাহত থকা দলটোৰ সাংগঠনিক নির্বাচনৰ পর্যালোচনা বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি বিয়লি ভাষণ দিয়ে। সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সচিবসকল, ৰাজ্যিক সভাপতিসকল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক তথা সাংগঠনিক নির্বাচন তত্বাৱধায়ক তথা সহ তত্বাৱধায়কসকল বৈঠকত উপস্থিত থাকে। দলীয় সূত্রই প্ৰকাশ কৰা অনুসৰি মণ্ডল, জিলা আৰু ৰাজ্যিক কমিটিৰ সদস্য নির্বাচন সন্দৰ্ভত বৈঠকত গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে,...

September 9, 2024 8:11 PM

views 17

বিজেপিৰ দেশজুৰি ৰূপায়ণ কৰা সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বৈঠক অনুষ্ঠিত

ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি ৰূপায়ণ কৰা সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে আজি বশিষ্ঠত থকা দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লয়। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৱাৰ্ড পাৰিষদসকলৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই অভিযানৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ দলীয় কার্যকর্তাসকলক আহ্বান জনায়। ইপিনে এই অভিযানৰ অংশ হিচাপে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীত ১০ খন জিলাৰ দলীয়...

August 25, 2024 11:11 AM

views 28

ৰাজ্যিক বিজেপিৰ  মুখ্য কাৰ্যালয়ত কর্ণধাৰ সমিতিৰ গুৰুত্বপূর্ণ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কালি ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত কর্ণধাৰ সমিতিৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ আসন্ন পঞ্চায়ত নির্বাচন, ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনকে ধৰি আন বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। কালিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজ, কেইবাগৰাকীও মন্ত্রী, বিধায়ককে ধৰি দলৰ কেইবাগৰাকীও সাংসদ উপস্থিত থাকে। কৰ্ণধাৰ সমিতিৰ বৈঠকৰ অন্তত...

August 17, 2024 10:54 AM

views 47

নতুন দিল্লীত আজি বিজেপিৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়ববীয়াসকলৰ বৈঠক

নতুন দিল্লীত আজি বিজেপিৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়ববীয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া বৈঠকত দলৰ সদস্যভর্তি অভিযান আৰু সাংগঠনিক নিৰ্বাচনৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ উপৰিও দলৰ ৰাজ্যিক সভাপতি, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আৰু অন্যান্য নেতাসকল উপস্থিত থাকিব। লোকসভা নিৰ্বাচনৰ পিছত এইখন হ'ব বিজেপিৰ বিষয়ববীয়াসকলৰ প্ৰথমখন বৃহৎ বৈঠ...

August 12, 2024 7:36 PM

views 29

কইনাধৰাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

অসমত ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটী মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰভাৰী হৰিশ দ্বিবেদীকে ধৰি নিৰ্বাচনী সমিতিৰ অন্যান্য সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই আসন দুখন সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ অন্তত ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য সভাৰ দুয়োখন আসনৰ বাবে ১০ গৰাকী...