বিশ্বনাথ জিলা প্রশাসনে আজি ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছে। যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ কৈছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ কালি মাইক যোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰা হয়। উচ্ছেদ অভিযানৰ বাবে ২০ খন বুলড’জাৰ, ১০ খন ট্ৰেক্টৰ আৰু ২০ খন সৰু-বৰ বাহন ব্যৱহাৰ কৰা হৈছে। ইতিমধ্যে অঞ্চলটোত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটো চাৰিটা জ’নত ভাগ কৰা হৈছে। দুটা জ’নত একোজনকৈ অতিৰিক্ত আয়ুক্তক নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি ছজনকৈ কাৰ্যবাহী দণ্ডাধীশো নিয়োগ কৰা হৈছে। অঞ্চলটোৰ চৰকাৰী আঁচনিৰ অন্তৰ্গত দুটা অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয়, অমৃত সৰোবৰৰ বাহিৰে বাকী চাহ বাগিচা আদিত উচ্ছেদ কৰা হ’ব। জিলাখনত অবৈধ দখলকাৰীৰ কবলত ৫৬ হাজাৰ বিঘা চৰকাৰী ভূমি আছে। ইয়াৰে ভিতৰত বিশ্বনাথ ৰাজহ চক্ৰতে প্ৰায় ৪৪ হাজাৰ বিঘা ভূমি আছে। বিশ্বনাথৰ চৰ অঞ্চলৰ গাতে লাগি থকা অঞ্চলটোত উচ্ছেদ চলিব বুলি বহু লোকে মূল্যবান সামগ্ৰী আন ঠাইলৈ লৈ গৈছে যদিও একাংশ লোকে এতিয়াও স্থান এৰিবলৈ মান্তি হোৱা নাই। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চলটোত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ৰ ১৬৩ ধাৰা বলৱৎ কৰা হৈছে।
Site Admin | August 17, 2025 12:22 PM | biswanath eviction
বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান
