December 28, 2025 8:58 PM

views 23

বিশ্বনাথ জিলাৰ বাঘমাৰীত ভি জি আৰ ভূমিত জিলা প্রশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথ জিলাৰ বাঘমাৰীত আজি জিলা প্রশাসনে দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্রশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা ৭৩২ টা পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে ৬৮ টা পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্ৰশাসনে আজি ন্যায়ালয়ৰ বিবেচনাধীন ৬৮ টা পৰিয়ালৰ বাসগৃহৰ বাহিৰে বাকী ৬৬৪ টা পৰিয়ালৰ বাসগৃহত শান্তিপূর্ণভাৱে উচ্ছেদ চলায়।  

August 19, 2025 12:07 PM

views 34

বিশ্বনাথত উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা মুঠ ১৭৫ বিঘা ভূমি দখলমুক্ত

● বিশ্বনাথত চলি থকা উচ্ছেদ অভিযানৰ কালি দ্বিতীয় দিনা মুঠ ১৭৫ বিঘা ভূমি দখলমুক্ত কৰা হয়। কালি পুৱা অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি সেই স্থানত সাধাৰণ লোকক প্ৰৱেশ নিষিদ্ধ কৰে। ইয়াৰ পাছতে ১০ খন এছকেভেটৰৰ জৰিয়তে প্রশাসনে উচ্ছেদ আৰম্ভ কৰে। দ্বিতীয়দিনা বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমি দখলমুক্ত কৰা হৈছে বুলি প্ৰশাসনে প্ৰকাশ কৰিছে।

August 17, 2025 7:35 PM

views 36

ভূমিৰ চৰকাৰী জৰীপ নোহোৱা বিশ্বনাথৰ জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ

■ বিশ্বনাথ জিলা প্রশাসনে আজি ভূমিৰ চৰকাৰী জৰীপ নোহোৱা জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ চলাইছে। যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ নিৰ্দেশ দিছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ প্ৰশাসনে কালি মাইক যোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰিছিল। উচ্ছেদ অভিযানত ২০ খন বুলড'জাৰ, ১০ খন ট্ৰেক্টৰ আৰু ২০ খন সৰু-বৰ বাহন ব্যৱহাৰ কৰা হৈছে। যিকোনো অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে অঞ্চলটোত আৰক্ষী-নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। উচ্ছেদ অভিযানৰ বাবে ...

August 17, 2025 12:22 PM

views 34

বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথ জিলা প্রশাসনে আজি ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছে। যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ কৈছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ কালি মাইক যোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰা হয়। উচ্ছেদ অভিযানৰ বাবে ২০ খন বুলড’জাৰ, ১০ খন ট্ৰেক্টৰ আৰু ২০ খন সৰু-বৰ বাহন ব্যৱহাৰ কৰা হৈছে। ইতিমধ্যে অঞ্চলটোত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটো চাৰি...