ডাউনলোড
মোবাইল এপ

android apple
signal

September 3, 2025 8:07 PM | Death

printer

অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ দেহাৱসান

অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ আজি দেহাৱসান ঘটিছে। বর্ষীয়ান সাংবাদিক গৰাকীয়ে আজি বিয়লি প্রায় ৩ বাজি ৫৫ মিনিটত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ।

ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা আন্তর্জাতিক পর্যায়ত আকাশবাণীৰ বিশেষ সংবাদদাতাৰ পদবীত কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া বিৰাজ দাসৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলাৰ কমাৰকুছি গাঁৱত। নলবাৰী গর্ডন হাইস্কুলত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ নলবাৰী কলেজ আৰু বি বৰুৱা কলেজত স্নাতক ডিগ্রী সম্পূর্ণ কৰে। ইয়াৰ পাছত তেওঁ বোম্বে কলেজ অব জার্নালিজিমৰ পৰা সাংবাদিকতাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্রম সম্পূর্ণ কৰে। ১৯৬৩ চনৰ পৰা ১৯৬৬ চনলৈ দি আচাম ট্রিবিউন কাকতৰ ষ্টাফ ৰিপোৰ্টাৰ হিচাপে কার্যনির্বাহ কৰা দাসে কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ হৈ ১৯৬৬ ৰ পৰা ১৯৭২ চনলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ প্ৰেছ ইনফৰমেছন ব্যুৰোত তথ্য সহায়ক আৰু সহকাৰী তথ্য বিষয়া হিচাপে কার্যনির্বাহ কৰে। ১৯৭৩ চনৰ পৰা ৭৬ চনলৈ তেওঁ আকাশবাণী ডিব্ৰুগড়ৰ সংবাদদাতা হিচাপে কার্যনির্বাহ কৰিছিল। ১৯৭৯ৰ পৰা ১৯৮৪ চনলৈ তেওঁ আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হিচাপে কৰ্মৰত আছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ যোজনা আৰু পয়োভৰাৰ জ্যেষ্ঠ সংবাদদাতা হিচাপে প্রায় দুবছৰ কাৰ্যনিৰ্বাহ কৰা দাসে মন্ত্রালয়ৰ ক্ষেত্ৰ সম্প্ৰচাৰ সঞ্চালকালয়ৰ অধীনত মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাত আঞ্চলিক বিষয়া হিচাপেও কর্মত নিয়োজিত আছিল। পৰৱৰ্তী সময়ত তেওঁ প্ৰেছ ইনফৰমেছন ব্যুৰোৰ উপ প্রধান তথ্য বিষয়া হিচাপে নিয়োজিত হয়। উল্লেখযোগ্য যে শ্রীলংকাৰ কলম্বোত আকাশবাণীৰ বিশেষ সংবাদদাতা হিচাপে কার্যনির্বাহ কৰা বিৰাজ দাসে ৪খন ছাৰ্ক শীর্ষ সন্মিলনৰ লগতে মালদ্বীপৰ পৰাও বাতৰি যোগান ধৰিছিল। আকাশবাণী গুৱাহাটীৰ যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লোৱাৰ পাছতো তেওঁ কেবাবছৰো আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শনৰ অংশকালীন বাতৰি সম্পাদক হিচাপে কাম কৰিছিল। অৱসৰৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অতিথি অধ্যাপক হিচাপে কাম কৰাৰ উপৰি কেইবাটাও ব্যক্তিগত গণমাধ্যম প্রশিক্ষণ প্রতিষ্ঠানত জ্যেষ্ঠ প্রশিক্ষক হিচাপেও কাম কৰিছিল। বিৰাজ দাসৰ বিয়োগত আকাশবাণী গুৱাহাটীৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে ৰাজ্যখনৰ সাংবাদিকতাৰ ক্ষেত্ৰৰ সৈতে জড়িত বহু লোকে গভীৰ শোক প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।