June 10, 2024 7:10 PM | BCG vaccination

printer

কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি ভেকচিন প্রদান কাৰ্যসূচী

যক্ষ্মা নিবাৰণৰ লক্ষ্যৰে কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি ভেকচিন প্রদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অন্য জিলাসমূহৰ দৰে শিৱসাগৰ জিলা প্ৰশাসনে ভেকচিন প্ৰদান কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ ডেৰ লক্ষ্যাধিক লোকক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে ২০২১ চনৰ পৰা যক্ষ্মা নিবাৰণ শাখাই দেশৰ পৰা যক্ষ্মা ৰোগ নিৰাময় কৰিবৰ বাবে টীকাকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। বিশেষ কাৰণত বাওঁ বাহুৰ ছিটা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই অভিযানে সামৰি ল’ব। প্ৰাপ্তবয়স্ক যিকোনো এজন সুস্থ লোকে এই বিনামূলীয়া বি চি জি ভেকচিন ল’ব পাৰিব।