June 11, 2024 11:43 AM

views 23

আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি প্ৰতিষেধক প্ৰদান

যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি প্ৰতিষেধক প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলা প্ৰশাসনে প্রতিষেধক প্ৰদানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ ডেৰ লক্ষাধিক লোকক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে। যক্ষ্মা নিবাৰণ শাখাই ২০২১ চনৰ পৰা দেশত এই ৰোগ নিৰাময়ৰ বাবে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰি আহিছে। বিশেষ কাৰণত বাওঁ বাহুৰ ছিটা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই অভিযানে সামৰি ল'ব। প্রাপ্ত বয়স্ক যিকোনো সুস্থ লোকে এই বিনামূলীয়া বি চি জি প্ৰতিষেধক ল'ব পাৰিব।

June 10, 2024 7:10 PM

views 16

কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি ভেকচিন প্রদান কাৰ্যসূচী

যক্ষ্মা নিবাৰণৰ লক্ষ্যৰে কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি ভেকচিন প্রদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অন্য জিলাসমূহৰ দৰে শিৱসাগৰ জিলা প্ৰশাসনে ভেকচিন প্ৰদান কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ ডেৰ লক্ষ্যাধিক লোকক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে ২০২১ চনৰ পৰা যক্ষ্মা নিবাৰণ শাখাই দেশৰ পৰা যক্ষ্মা ৰোগ নিৰাময় কৰিবৰ বাবে টীকাকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। বিশেষ কাৰণত বাওঁ বাহুৰ ছিটা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই অভিযানে সামৰি ল'ব। প্ৰাপ্তবয়স্ক যিকোনো এজন ...