ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বি চি চি আইয়ে ভাৰতীয় ক্রিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্রকাশ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে ভাৰতীয় ক্রিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্রকাশ কৰিছে। পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ২৬, ২৭ আৰু ২৯ জুলাইত হ’বলগীয়া টি-টুৱেণ্টি খেলেৰে এই ভ্ৰমণ আৰম্ভ হ’ব। ইয়াৰ পাছতে দলটো ১, ৪ আৰু ৭ আগষ্টত কলম্বোৰ আৰ প্রেমাদাসা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৩ খন এদিনীয়া খেলত অৱতীৰ্ণ হ’ব। ভাৰতীয় ক্রিকেট দলটো ২২ জুলাইত শ্ৰীলংকাৰ উপস্থিত হ’ব। নৱনিযুক্ত মুখ্য প্রশিক্ষণ গৌতম গম্ভীৰৰ অধীনত এয়া ভাৰতৰ প্ৰথম শৃংখলা হ’ব। অৱশ্যে এই ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ খেলুৱৈসকলৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।