বজালী জিলাৰ পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ অৰ্থ সাহায্যত আৰু বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, অসম প্ৰান্তৰ সহযোগত মহাবিদ্যালয়খনত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। ধ্রুপদী অসমীয়া ভাষা-প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখন আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। মহাবিদ্যালয়খনৰ প্ৰশাসনীয় সমিতিৰ সভাপতি তথা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ সোমেশ্বৰ কলিতাই আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে। আলোচনা চক্ৰত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ দীপামণি হালৈ মহন্তই ভাষণত কয়, যে ভাষা হৈছে এক ব্যৱহাৰিক পদ্ধতি। যদি কোনো এটা ভাষা ব্যৱহাৰ কৰা নহয়, তেন্তে সেই ভাষাটো বিলুপ্ত হৈ যায়। প্রতি ৪০ বছৰত একোটাকৈ ভাষা বিলুপ্ত হৈ আহিছে বুলিও তেওঁ উল্লেখ কৰে। কিন্তু অসমীয়া ভাষা বিলুপ্ত হৈ নাযায় যদিও অসমীয়া ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা লোকৰ সংখ্যা ক্ৰমাৎ কমি আহিছে বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ তৰণী ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ কয়, যে অসমীয়া ভাষাৰ প্ৰচাৰ সকলোৰে লক্ষ্য হ’ব লাগে। ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে মাতৃভাষাটো বিশ্ব দৰবাৰলৈ নিবলৈ তেওঁ আহ্বান জনায়। এই আলোচনাচক্ৰত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড০ লক্ষী হাজৰিকা, দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড০ মিতালী বৰ্মন উপস্থিত থাকে।
Site Admin | March 22, 2025 7:12 PM | bajali nirmal haloi college meeting
বজালীৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত ‘ধ্রুপদী অসমীয়া ভাষা-প্ৰত্যাহ্বান আৰু সম্ভাৱনা’ শীৰ্ষক আলোচনা-চক্ৰ