ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 18, 2024 12:07 PM | Badrinath

printer

শীতকালৰ বাবে উত্তৰাখণ্ডৰ শ্ৰীবদ্রিনাথ ধামৰ দুৱাৰ বন্ধ

উত্তৰাখণ্ডৰ চামলী জিলাত অৱস্থিত শ্ৰীবদ্রিনাথ ধামৰ দুৱাৰ কালি নিশা ৯ বাজি ৭ মিনিটত শীতকালৰ বাবে বন্ধ কৰা হয়। বদ্রিনাথ ধামৰ দুৱাৰ বন্ধ কাৰ্যসূচী উপলক্ষে মন্দিৰটো ১৫ কুইণ্টল নাৰ্জি ফুলেৰে সজোৱা হয়। ধামৰ সিং দুৱাৰ ভৱনত গৰৱাল স্কাউট বেণ্ডৰ ধৰ্মীয় সুৰেৰে সমগ্ৰ বদ্রিনাথ ধাম মুখৰ হৈ উঠে। ইয়াৰপূৰ্বে জিলা দণ্ডাধীশ সন্দীপ তিৱাৰীয়ে মন্দিৰৰ কাৰ্যসূচীৰ সকলো ব্যৱস্থাপনা পর্যবেক্ষণ কৰাৰ উদ্দেশ্য বদ্রিনাথ ধাম দৰ্শন কৰে। জিলা দণ্ডাধীশগৰাকীয়ে ভক্তসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পৰিবেশ মিত্ৰ, আৰক্ষী বাহিনী, আই টি বি পি আৰু মন্দিৰ সমিতিৰ বিষয়া তথা কৰ্মচাৰীসকলৰ প্ৰচেষ্টা প্ৰশংসা কৰে। ধৰ্মীয় মন্ত্ৰৰ উচ্চাৰণ তথা বৈদিক নিয়মেৰে মন্দিৰৰ দুৱাৰ বন্ধ কৰা হয় ৷