November 18, 2024 12:07 PM

views 18

শীতকালৰ বাবে উত্তৰাখণ্ডৰ শ্ৰীবদ্রিনাথ ধামৰ দুৱাৰ বন্ধ

উত্তৰাখণ্ডৰ চামলী জিলাত অৱস্থিত শ্ৰীবদ্রিনাথ ধামৰ দুৱাৰ কালি নিশা ৯ বাজি ৭ মিনিটত শীতকালৰ বাবে বন্ধ কৰা হয়। বদ্রিনাথ ধামৰ দুৱাৰ বন্ধ কাৰ্যসূচী উপলক্ষে মন্দিৰটো ১৫ কুইণ্টল নাৰ্জি ফুলেৰে সজোৱা হয়। ধামৰ সিং দুৱাৰ ভৱনত গৰৱাল স্কাউট বেণ্ডৰ ধৰ্মীয় সুৰেৰে সমগ্ৰ বদ্রিনাথ ধাম মুখৰ হৈ উঠে। ইয়াৰপূৰ্বে জিলা দণ্ডাধীশ সন্দীপ তিৱাৰীয়ে মন্দিৰৰ কাৰ্যসূচীৰ সকলো ব্যৱস্থাপনা পর্যবেক্ষণ কৰাৰ উদ্দেশ্য বদ্রিনাথ ধাম দৰ্শন কৰে। জিলা দণ্ডাধীশগৰাকীয়ে ভক্তসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পৰিবেশ মিত্ৰ, আৰক্ষী বাহিনী...