ডাউনলোড
মোবাইল এপ

android apple
signal

July 14, 2025 8:38 PM | Axiom -4

printer

কেপ্তেইন সুভাংশু শুক্লা সহ আন ৩ গৰাকী মহাকাশচাৰীৰ ওভতনি যাত্রা কিছুসময় পূৰ্বে আৰম্ভ

ভাৰতীয় মহাকাশচাৰী কেপ্তেইন সুভাংশু শুক্লা আৰু অকজিম-4 অভিযানৰ আন ৩ গৰাকী মহাকাশচাৰীৰ ওভতনি যাত্রা কিছুসময় পূৰ্বে আৰম্ভ হৈছে। স্পেচেক্সে সামাজিক মাধ্যমযোগে নিশ্চিত কৰিছে যে, ক্রিউ কেপচুল ড্ৰেগন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বিচ্চিন্ন হৈছে। কাইলৈ বিয়লি ৩ বজাত মহাকাশচাৰীকেইজনে পৃথিৱীত ভৰি থব। অৱতৰণৰ পাছত গ্রুপ কেপ্তেইন শুক্লাই অন্যান্য সদস্যসকলৰ সৈতে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ লগত পুনৰ খাপ খাব পৰাকৈ ৭ দিনীয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। মহাকাশচাৰীৰ দলটোৱে ১৪ দিনীয়া অভিযানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হৈছিল । সুভাংশু শুক্লা হৈছে আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় আৰু ১৯৮৪ চনত মহাকাশলৈ যোৱা উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাৰ পিছত দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী।