সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান কৰিব। নিজৰ সমৰ্পন আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে শিক্ষাৰ মান উন্নত কৰা আৰু শিক্ষাৰ্থীসকলৰ জীৱনত গভীৰ প্ৰভাৱ পেলোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স্বীকৃতি স্বৰূপে এই বাৰ্ষিক বঁটা প্ৰদান কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত এইবেলি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত- বিনিময় কৰে। ভাৰতীয় সমাজত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতি থকা স্বাভাৱিক সন্মানৰ ভাৱনাৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে তেওঁলোকক ৰাষ্ট্ৰ গঠনৰ দৃঢ় শক্তি বুলি অভিহিত কৰে। তেওঁ কয়, যে শিক্ষকসকলক সন্মান কৰাটো মাথোঁ এটা প্ৰথায়ে নহয়, বৰং তেওঁলোকৰ জীৱন জোৰা নিষ্ঠা আৰু প্ৰভাৱৰ স্বীকৃতি ।
প্রধানমন্ত্রী মোদীয়ে লগতে কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্ৰীসকলক অভিনন্দন জনায়। তেওঁ কয়, যে এই শিক্ষক-শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু অভূতপূৰ্ব নিষ্ঠাৰ স্বীকৃতি স্বৰূপে এই বঁটাৰ বাবে বাছনি কৰা হৈছে। শ্রীমোদীয়ে কয়, যে শিক্ষক-শিক্ষয়িত্রীসকলে অকল বর্তমানকে নহয় বৰং ৰাষ্ট্ৰৰ ভৱিষ্যতকো গঢ় দিয়ে। ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ ভূমিকা ৰাষ্ট্ৰীয় সেৱাৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত অন্যতম বুলি প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে দেশৰ বিভিন্ন অংশত এই বছৰৰ বঁটা প্ৰাপকসকলৰ দৰে অগণন শিক্ষক- শিক্ষয়িত্ৰীয়ে নিষ্ঠা, একাগ্ৰতা, প্ৰতিশ্ৰুতিবদ্ধতা আৰু সেৱাৰ মনোভাৱেৰে শিক্ষা আগবঢ়াই আহিছে।
Site Admin | September 5, 2025 10:52 AM | President
নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান
