February 5, 2025 10:49 AM February 5, 2025 10:49 AM

views 10

যোৰহাটত কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

যোৰহাটত কাইলৈৰ পৰা হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে। যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনলৈ ভকত-বৈষ্ণৱসকলক আদৰাৰ বাবে আদৰণি সমিতিয়ে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ...

February 5, 2025 10:48 AM February 5, 2025 10:48 AM

views 7

ডিব্ৰুগড়ৰ টিপাম পাহাৰত কয়লাৰ অবৈধ খনন ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালৰ নির্দেশ

ডিব্ৰুগড় জিলাৰ টিপাম পাহাৰত কয়লাৰ অবৈধ খনন ৰোধ কৰাৰ লগতে এই ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নির্দেশ দিছে। ৰাজ্য চৰকাৰৰ বন আৰু খনি তথা খনিজাত সামগ্ৰী বিভাগৰ লগতে আৰক্ষী সঞ্চালকপ্রধান, ক'ল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগকো অবৈধ খনন ৰোধৰ বাবে চোকা...

February 5, 2025 10:46 AM February 5, 2025 10:46 AM

views 6

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰেপৰা ৪দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ কলা-সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ'কেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ভাৰতৰ লগতে বিশ্বৰ ২৫ খন দেশৰ লেখক-সাহিত্যিকে এই...

February 5, 2025 10:44 AM February 5, 2025 10:44 AM

views 13

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক অধিৱেশনৰ সামৰণি

নাট্যনগৰী পাঠশালাত যোৱা ৩১ জানুৱাৰীৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ কালি সামৰণি পৰে। লক্ষ লক্ষ লোকৰ সমাগম হোৱা এই অধিৱেশনৰ গ্ৰন্থমেলাৰ চাৰিটা দিনত কমেও ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ সৃষ্টি হোৱা বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই অধিৱেশনত ৰ...

February 5, 2025 10:43 AM February 5, 2025 10:43 AM

views 6

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত পক্ষী নিৰীক্ষণ আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত কালি পক্ষী নিৰীক্ষণ অর্থাৎ বার্ড ছাফাৰী আৰম্ভ হৈছে। কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰথমগৰাকী পক্ষী নিৰীক্ষক হিচাপে বিভিন্ন প্ৰজাতিৰ চৰাইসমূহ প্রত্যক্ষ কৰে। কালি উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষৰ সৈতে মন্ত্ৰীগৰাকীয়ে কমেও ৪০০টা প্...

February 5, 2025 10:41 AM February 5, 2025 10:41 AM

views 7

ৰাজ্যত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্রথমদিনা ৯,৮১,৫৬৫গৰাকী শিক্ষাৰ্থীৰ স্ব-মূল্যায়ন

ৰাজ্যৰ ১২ হাজাৰ ৩৭৫ খন বিদ্যালয়ক সামৰি অনুষ্ঠিত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ কালি প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়। কালি প্রথমদিনা ৯ লাখ ৮১ হাজাৰ ৫৬৫ গৰাকী শিক্ষাৰ্থীৰ স্ব-মূল্যায়ন কৰা হয়। মাজুলী জিলাৰ ৪৯৬ খন বিদ্যালয়ত গুণোৎসৱৰ স্বমূল্যায়ন কৰা হয়। মাজুলীৰ বিধায়ক ভুৱনগাম, জালুকবাৰী উপ বন স...

February 5, 2025 10:39 AM February 5, 2025 10:39 AM

views 6

ডিব্ৰুগড়-যোৰহাটত কেইবাগৰাকীও ব্যৱসায়ীৰ ঘৰত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ এটা দলে কালি ডিব্ৰুগড় আৰু যোৰহাটত কেইবাগৰাকীও ব্যৱসায়ীৰ ঘৰত অভিযান চলায়। অৱশ্যে এই সন্দৰ্ভত দলটোৱে কোনো কথা প্ৰকাশ কৰা নাই। দলটোৱে জিলা দুখনৰ উপৰি অৰুণাচলৰ কেইবাগৰাকীও ব্যৱসায়ীৰ ঘৰত অভিযান চলায়। তদুপৰি অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্রী নাবাম টুকীৰ বাসভৱনতো ১২ জনীয়া দলটো...

February 5, 2025 10:38 AM February 5, 2025 10:38 AM

views 4

ৰাষ্ট্ৰীয় ক্রীড়াত ল’নবলৰ ফাইনেলত অসমৰ বিতু দাস, সুৰঞ্জনা বৰুৱা; ডাবলছৰ ফাইনেলত বিমান নাথ-বিশ্বজিৎ খাওন্দ

ৰাজ্যৰ উদীয়মান ল’নবল খেলুৱৈ বিতু দাস আৰু সুৰঞ্জনা বৰুৱাই উত্তৰাখণ্ডত চলি থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে বিমান নাথ আৰু বিশ্বজিৎ খাওন্দে পুৰুষৰ ডাবলছৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। সুৰঞ্জনাই কালি ছোৱালীৰ ২৫ বছৰ অনূৰ্ধ্ব শাখাৰ হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বীক আজি ২১-১০ প...

February 5, 2025 10:36 AM February 5, 2025 10:36 AM

views 13

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৭ দশমিক ১ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১২ দশমিক ৪ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান ...

February 4, 2025 8:35 PM February 4, 2025 8:35 PM

views 8

বাংলাদেশৰ সীমান্তৰ ৩,২৩২ কিলোমিটাৰৰো অধিক অংশত বেৰ স্থাপন কৰা হৈছে : ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়

বাংলাদেশৰ সৈতে থকা ভাৰতৰ মুঠ ৪ হাজাৰ ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ৩ হাজাৰ ২৩২ কিলোমিটাৰৰো অধিক অংশত বেৰ স্থাপন কৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেঁও কয়, যে বেৰ স্থাপনৰ ফলত সীমান্তৰে হোৱা অপৰাধমূলক গতিবিধি, চোৰাং বেহা আৰু অপৰাধী...