February 22, 2025 9:26 PM February 22, 2025 9:26 PM

views 5

আকাশবাণীত কাইলৈ দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৯ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব।...

February 22, 2025 9:25 PM February 22, 2025 9:25 PM

views 3

কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বিগত ৩ বছৰত সমবায় খণ্ডই গতি লাভ কৰিছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বিগত ৩ বছৰত সমবায় খণ্ডই গতি লাভ কৰিছে বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। পুনেত আজি জনতাসহকাৰী বেংক, পুনেৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, যে মোদী চৰকাৰে দেশৰ সমবায় খণ্ডক বিপণনযোগ্য কৰ...

February 22, 2025 9:24 PM February 22, 2025 9:24 PM

views 5

ভৱিষ্যতৰ নেতা গঢ় দিয়াৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন শিক্ষণ, ব্যক্তিগত আচৰণ আৰু দার্শনিক অন্তর্দৃষ্টিত গুৰুত্ব আৰোপ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱৰ

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱে ভৱিষ্যতৰ নেতা গঢ় দিয়াৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন শিক্ষণ, ব্যক্তিগত আচৰণ আৰু দার্শনিক অন্তর্দৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত চউল শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰি কয়, যে নেতৃত্ব ম...

February 22, 2025 9:22 PM February 22, 2025 9:22 PM

views 9

আৰ বি আইৰ প্ৰাক্তন গৱৰ্নৰ শক্তিকান্ত দাসক প্রধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্তি

ভাৰতীয় ৰিজাৰ্ভ বেংক, আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাসক প্রধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰী দাস ভাৰতীয় প্ৰশাসনিক সেৱাৰ ১৯৮০ চনৰ তামিলনাডু কেডাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৷

February 22, 2025 9:21 PM February 22, 2025 9:21 PM

views 5

ৰাজহুৱা প্ৰশাসনৰ উৎকৰ্ষতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা ২০২৪ৰ বাবে ১,৫০০ৰো অধিক মনোনয়ন লাভ

ৰাজহুৱা প্ৰশাসনৰ উৎকৰ্ষতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা ২০২৪ৰ বাবে ১,৫০০ ৰো অধিক মনোনয়ন লাভ কৰা হৈছে। এই বঁটাৰ লক্ষ্য হৈছে তিনিটা শিতানৰ অধীনৰ অসামৰিক কৰ্মচাৰীৰ অৱদানক স্বীকৃতি দিয়া। এই শিতানসমূহ হ'ল- জিলাসমূহৰ সামগ্রিক উন্নয়ন, অভিলাসী উন্নয়ন খণ্ড আৰু উদ্ভাৱন। জিলাসমূহৰ সামগ্রিক উন্নয়ন আৰু অভিলাসী উ...

February 22, 2025 9:20 PM February 22, 2025 9:20 PM

views 5

গাজা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ৫জন ইজৰাইলী পনবন্দীক মুকলি হামাছৰ

পেলেষ্টাইনী গোট হামাছে গাজা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ৫ জন ইজৰাইলী পনবন্দীক মুকলি কৰি দিছে। ইয়াৰে ভিতৰত ৰাফাহত দুজন আৰু নুছেৰতত তিনিজন পনবন্দীক মুকলি কৰি দিয়া হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলে ৬০০ৰো অধিক পেলেষ্টাইনী কয়দী আৰু আটকাধীন লোকক মুকলি কৰি দিবলৈ সাজু হৈছে। ইয়াৰে ভিতৰত ৬০ জন দী...

February 22, 2025 9:18 PM February 22, 2025 9:18 PM

views 4

পুনে এটিপি ছেলেঞ্জাৰ হান্ড্ৰেড প্রতিযোগিতাত জীৱন নেদুনছেঝিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

ভাৰতৰ শীৰ্ষ বাছনিপ্ৰাপ্ত জীৱন নেদুনছেঝিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তই পুনে এ টি পি ছেলেঞ্জাৰ হান্ড্ৰেড প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। জীৱন আৰু বিজয়ৰ যুটিটোৱে আজি ফাইনেলত দ্বিতীয় বাছনিপ্রাপ্ত অষ্ট্ৰেলিয়াৰ ব্লেক বেল্ডন আৰু মেথিউ ৰোমিঅ'ছ যুটিক ৩-৬, ৬-৩, ১০–০ ছেটত পৰাস্ত কৰে।

February 22, 2025 7:17 PM February 22, 2025 7:17 PM

views 2

আই আই টি গুৱাহাটীত থিংক ইণ্ডিয়া উত্তৰ-পূব সন্মিলনৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি আই আই টি গুৱাহাটীত থিংক ইণ্ডিয়া উত্তৰ-পূব সন্মিলনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে ভাৰত বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ অৱদান আছে বুলি মন্তব্য কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলক বিষয় হিচাপে এই সন...

February 22, 2025 7:16 PM February 22, 2025 7:16 PM

views 6

সৰুসজাইত ২৪ ফেব্ৰুৱাৰীত ঝুমইৰ বিনন্দিনী অনুষ্ঠান, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ সৰুসজাইত চলি থকা কেন্দ্ৰীয় আখৰাত ৰাজ্যৰ ৯ হাজাৰৰো অধিক শিল্পীয়ে ভাগ লৈছে। পৰহিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত  হ'বলগীয়া এই সৰ্ববৃহৎ ঝুমুৰ নৃত্য অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ...

February 22, 2025 7:14 PM February 22, 2025 7:14 PM

views 2

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত শিৱসাগৰত নাগৰিক সভা

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আজি শিৱসাগৰত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত শিৱসাগৰৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকে এই বাজেট সন্দৰ্ভত মত প্ৰকাশ কৰে৷ শিৱসাগৰ জিলা বিজেপিয়ে আজি এখন সংবাদমেলযোগে এই বাজেট সন্দৰ্ভত অৱগত কৰে। সংবাদমেলত মন্ত্রী যোগেন মহনে বাজেটখনক জনমুখী বুলি অভ...