March 6, 2025 8:24 PM March 6, 2025 8:24 PM

views 9

ৰাষ্ট্ৰীয় দৈনিক কাকতত অশ্বিনী বৈষ্ণৱৰ উন্নত ভাৰতৰ দিশে ডিজিটেল পথ শীৰ্ষক প্ৰবন্ধটোৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত লিখা উন্নত ভাৰতৰ দিশে ডিজিটেল পথ শীৰ্ষক প্ৰবন্ধটোৰ প্ৰশংসা কৰে। প্ৰবন্ধটোৰ উদ্ধৃতি দি সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্রিম বুদ্ধিমত্তা, অ...

March 6, 2025 8:23 PM March 6, 2025 8:23 PM

views 10

কলকাতাত আজি ভাৰত-বাংলাদেশ যুটীয়া নদী পৰিষদৰ ৮৬ সংখ্যক বৈঠক আৰম্ভ

ভাৰত-বাংলাদেশ যুটীয়া নদী পৰিষদৰ ৮৬ সংখ্যক বৈঠক আজি কলকাতাত আৰম্ভ হয়। বাংলাদেশৰ ১১ জনীয়া এটা প্রতিনিধি দলে এই বৈঠকত অংশগ্রহণ কৰিছে। উল্লেখযোগ্য যে, দুয়োখন দেশৰ মাজেৰে বৈ যোৱা নদীসমূহক কেন্দ্ৰ কৰি অব্যাহত থকা কেইবাটাও সমস্যাই এই বৈঠকত প্রাধান্য পাব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰত-বাংলাদেশৰ মাজত...

March 6, 2025 8:21 PM March 6, 2025 8:21 PM

views 7

আন্তঃৰাষ্ট্ৰীয় সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সমবায় খণ্ডক প্ৰসাৰিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শ্ৰী মোদীয়ে লগতে সমবায় প্রতিষ্ঠানসমূহৰ জৰিয়তে জৈৱিক সামগ্ৰীসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে...

March 6, 2025 7:58 PM March 6, 2025 7:58 PM

views 10

যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ১৮৭৭ চনত ইংৰাজৰ আমোলত আৰম্ভ হোৱা এই আকর্ষণীয় প্ৰতিযোগিতাখনৰ ১৪২ সংখ্যক সংস্কৰণৰ লগত সংগতি ৰাখি টেনিছ, গল্ফ আদি খেলো অনুষ্ঠিত কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৰহাট জিমখানা ক্লাবৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত এই প্রতিযোগি...

March 6, 2025 7:56 PM March 6, 2025 7:56 PM

views 16

সর্বাঙ্গীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ধেমাজি জিলাৰ ১৫৮খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক বঁটা প্ৰদান

ধেমাজি জিলাৰ ১৫৮খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক আজি সমগ্র শিক্ষা ধেমাজিয়ে সর্বাঙ্গীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বঁটা প্ৰদান কৰে। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ একোখনকৈ প্ৰাথমিক বিদ্যালয়ক শ্রেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃ গোটৰ বঁটা প্ৰ...

March 6, 2025 7:55 PM March 6, 2025 7:55 PM

views 22

বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত কৃষক মেলাৰ আয়োজন

বিশ্বনাথ জিলা কৃষি বিভাগ তথা কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আজিৰে পৰা দুদিনীয়াকৈ কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষকসকলে নিজৰ পথাৰত উৎপাদিত সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আজি জিলা আয়ুক্ত মুনিন্দ্র নাথ ঙাটে...

March 6, 2025 7:54 PM March 6, 2025 7:54 PM

views 8

৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হোজাইত বিশেষ কাৰ্যসূচীৰ আয়োজন

৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলাত জিলা প্ৰশাসন আৰু নাবাৰ্ডৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ২ নম্বৰ কাকী অঞ্চলৰ নৱনিৰ্মিত জিলা পৰিষদৰ কাৰ্যালয়ত আজি বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত ১০গৰাকী মহিলাক সম্বৰ্দ্ধনা জনোৱা হয়। সেই স্থানতে কেইবাটাও মহিল...

March 6, 2025 7:51 PM March 6, 2025 7:51 PM

views 11

মঙলদৈ বিধানসভা সমষ্টিত ৩১ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত

দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত আজি সর্বমুঠ ৩১ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৩০টাতকৈ অধিক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰে ভিতৰত মুঠ ২৫ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে মঙলদৈৰ নৈৰ ওপৰত দলং আৰু পকীপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানত ২৫ কোটিৰো অধিক টকা ব্যয় সাপ...

March 6, 2025 7:48 PM March 6, 2025 7:48 PM

views 10

অসম প্ৰকাশন পৰিষদৰ অসমীয়া পৰিভাষাৰ ডিজিটেল এপ মুকলিৰ কাম আৰম্ভ

অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত সন্মুখীন হোৱা পৰিভাষাৰ সমস্যা দূৰীকৰণৰ বাবে অসম প্ৰকাশন পৰিষদে এটা এপ মুকলিৰ কাম আৰম্ভ কৰিছে। এই ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাক অধ্যক্ষৰূপে লৈ এখন কাৰ্যকৰী সমিতি গঠন কৰা হয়। ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমীয়া পৰিভাষাৰ এই ডিজিটেল এপটো সকলোৰে বাবে মুকলি...

March 6, 2025 7:47 PM March 6, 2025 7:47 PM

views 11

উচ্চ ফৰ্মেল ডিহাইদযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে বহিঃৰাজ্যৰ পৰা আমদানি কৰা উচ্চ ফৰ্মেল ডিহাইদযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে চৰকাৰক মাছ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশাৱলী যথাযথভাৱে পালন ক...