March 6, 2025 7:51 PM | Mangldoi

printer

মঙলদৈ বিধানসভা সমষ্টিত ৩১ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত

দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত আজি সর্বমুঠ ৩১ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৩০টাতকৈ অধিক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰে ভিতৰত মুঠ ২৫ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে মঙলদৈৰ নৈৰ ওপৰত দলং আৰু পকীপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানত ২৫ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰা হয়। বিষ্ণু মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৰাজহুৱা সভাখনত সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক বসন্ত দাসৰ লগতে ভালেসংখ্যক লোকে অংশ লয়। ভাষণ প্ৰসংগত সাংসদ শ্ৰীশ‍ইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত দৰং জিলাত হোৱা দ্ৰুত উন্নয়নৰ চমু খতিয়ান দাঙি ধৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।