December 7, 2025 6:58 PM December 7, 2025 6:58 PM

views 8

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সশস্ত্র বাহিনীৰ পতাকা দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সশস্ত্র বাহিনীৰ পতাকা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আজি লোকভৱনত আয়োজিত এটা কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দেশৰ হৈ প্ৰাণ ত্যাগ কৰা বীৰ জোৱানৰ পৰিয়ালক সম্বৰ্দ্ধনা জনোৱাৰ লগতে প্রাক্তন সেনা জোৱানকো সম্বৰ্দ্ধনা জনায়। অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ লগতে...

December 7, 2025 12:41 PM December 7, 2025 12:41 PM

views 14

তিনিচুকীয়া জিলাৰ ডুমডুমাত ১৭ বছৰ অনুৰ্ধৰ চাহ জনজাতি আৰু আদিৱাসী ফুটবল প্রতিযোগিতা

১৭ বছৰ অনুৰ্ধৰ চাহ জনজাতি আৰু আদিৱাসী ফুটবল প্রতিযোগিতালানি আজিৰে পৰা আৰম্ভ হ'ব। অহা ৭ জানুৱাৰীলৈকে চলিবলগীয়া মাহজোৰা প্ৰতিযোগিতাখনৰ আজি বিয়লি তিনিচুকীয়া জিলাৰ ডুমডুমাত হ'বলগীয়া আৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। প্ৰতিযোগিতাত ৰাজ্যৰ ২৯ খন জিলাৰ...

December 7, 2025 12:37 PM December 7, 2025 12:37 PM

views 10

সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান

অসমৰ জাতীয় জীৱনৰ অন্যতম পুৰোধা, বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আজি জন্মবার্ষিকী। বিশিষ্ট কথাশিল্পীগৰাকীৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি আজি কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হৈছে। এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচা...

December 7, 2025 12:32 PM December 7, 2025 12:32 PM

views 21

আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰিপ্ৰেক্ষিতত যান-বাহন চলাচলৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীৰ নীতি নিৰ্দেশনা জাৰি

গুৱাহাটীত কাইলৈ হ'বলগীয়া প্ৰখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত যান-বাহন ৰখোৱাত বাধা আৰোপ কৰাৰ লগতে বেলতলা, ছয়মাইল আৰু খানাপাৰাৰ আশে-পাশে যান-বাহ...

December 7, 2025 12:21 PM December 7, 2025 12:21 PM

views 5

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত দৃষ্টিপাত অনুষ্ঠানত মনোজ্ঞ আলোচনা

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত এটা আলোচনা প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্রিয়া বৰাই অংশ লৈ ক...

December 7, 2025 12:14 PM December 7, 2025 12:14 PM

views 10

দক্ষিণ আফ্রিকাক ৯ উইকেটত পৰাস্ত কৰি ভাৰতৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলা দখল

ভাৰতে যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত যশস্বী জয়ছোৱালৰ শতক আৰু ৰোহিত শর্মা তথা বিৰাট কোহলীৰ অর্ধশতকৰ সহায়ত দক্ষিণ আফ্রিকাক অনায়াসে ৯ উইকেটত পৰাস্ত কৰে। ভাৰতে এই জয়ৰ সুবাদত ২১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। ভাৰতে ২৭১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৩৯ অভাৰ...

December 7, 2025 12:10 PM December 7, 2025 12:10 PM

views 8

দেশৰ বিভিন্ন বিমান বন্দৰত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ পদক্ষেপ

কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত বিমান পৰিবহন সংস্থা ইণ্ডিগ এয়াৰলাইনছৰ সংকটৰ বাবে বৰঝাৰকে ধৰি দেশৰ বিভিন্ন বিমান বন্দৰত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ লৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্র্যালয়ে আজি নিশা ৮ বজাৰ ভিতৰত বাতিল হোৱা বিমানৰ টিকটৰ ধন যাত্ৰীসকলক ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। নির্দেশটোত ...

December 7, 2025 12:05 PM December 7, 2025 12:05 PM

views 9

অসমত ২০২৪ বৰ্ষত ৪১,৭১৩ জন লোকৰ দেহত কৰ্কট ৰোগৰ সংক্ৰমণ

ৰাজ্যত ২০২৪ বৰ্ষত ৪১,৭১৩ জন লোকৰ দেহত কৰ্কট ৰোগৰ সংক্ৰমণ ধৰা পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ে প্রকাশ কৰিছে লোকসভাৰ চলিত শীতকালীন অধিৱেশনৰ কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্য মন্ত্রী প্রতাপ ৰাও যাদৱে প্ৰকাশ কৰা মতে ২০২৪ বৰ্ষত অসমত ৪১,৭১৩ জন লোক কৰ্কট ৰোগত আক্রান্ত হৈছে। ২০২৩ বর্ষতো অসম...

December 7, 2025 11:57 AM December 7, 2025 11:57 AM

views 17

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিলৰ বাবে এছ আই টিৰ প্ৰস্তুতি অব্যাহত

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিলৰ বাবে অহৰহ প্ৰস্তুতি অব্যাহত ৰাখিছে। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ছদিন পূর্বেই অভিযোগনামা দাখিল কৰা হ'ব। বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা ব...

December 7, 2025 11:50 AM December 7, 2025 11:50 AM

views 13

অসম চুক্তিৰ বিদেশী নাগৰিক বিতাড়ন সম্পৰ্কীয় দফাসমূহ ৰূপায়ণৰ দাবীৰে দাখিল হোৱা ৰাজহুৱা স্বার্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খাৰিজ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চুক্তিৰ বিদেশী নাগৰিক বিতাৰণ সম্পৰ্কীয় দফাসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন খাৰিজ কৰিছে। ন্যায়াধীশ মাইকেল জাথান খুমা আৰু ন্যায়াধীশ এন উন্নি কৃষ্ণন নায়াক লৈ গঠিত এখন বিচাৰপীঠে অসম চুক্তিৰ আইনী পৰিকাঠামো সত্বেও বিতাড়ন ...