September 3, 2025 8:09 PM

views 17

ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে ১৫ গৰাকী কৃতী শিক্ষকৰ নাম ঘোষণা

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে ১৫ গৰাকী কৃতী শিক্ষকৰ নাম ঘোষণা কৰিছে। অহা ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ কাৰ্যসূচীত এই শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব।

September 3, 2025 8:07 PM

views 32

অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ দেহাৱসান

অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ আজি দেহাৱসান ঘটিছে। বর্ষীয়ান সাংবাদিক গৰাকীয়ে আজি বিয়লি প্রায় ৩ বাজি ৫৫ মিনিটত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ। ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যু...

September 3, 2025 8:06 PM

views 19

বি টি চি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত

বি টি চি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্রার্থীসকলৰ হৈ প্ৰচাৰ চলাই আছে। বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োই বাক্সা জিলাৰ মঠনগুৰি সমষ্টিৰ বাগাপাৰাৰ এখন দলীয় সভাত অংশ লয়। তেওঁ সমষ্টিটোৰ ইউ পি পি এলৰ প্ৰাৰ্থী মাখন স্বর্গীয়াৰীৰ সমর্থনত প্ৰচাৰ চলায় আৰু দলীয় কর্মীসকলৰ সৈতে মত বিনিময় কৰে। নি...

September 3, 2025 8:04 PM

views 11

পৰম্পৰাগত ৰীতি-নীতিৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ কৰম পূজা পালন

ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি-নীতিৰে কৰম পূজা পালন কৰে। ডিব্ৰুগড় জিলাৰ প্ৰতিখন চাহ বাগিচাত কৰম পূজা অনুষ্ঠিত কৰা হয়। লাহোৱাল, মোহনবাৰী, ৰমাই, ঘোঁৰামৰা, লেকাই, ঠাকুৰৰ্থান আদিকে ধৰি প্ৰতিটো অঞ্চলত ধর্মীয় ৰীতি-নীতিৰে কৰম পূজা অনুষ্ঠিত কৰা হৈছে। কাচাৰ জিলাৰ বিভিন্ন চাহ বাগিচা অঞ্চলতো এ...

September 3, 2025 7:17 PM

views 23

চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্রী অচিন ৰোগত আক্রান্ত

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্রী অচিন ৰোগত আক্রান্ত হৈছে। বিদ্যালয়খনৰ প্ৰায় ৬০ গৰাকী চাবুৱাৰ মডেল হাস্পতালত চিকিৎসাধীন হৈ আছে। বিগত দুদিনৰ ভিতৰত কেইবাগৰাকীও ছাত্ৰীৰ দেহত জ্বৰ, গাৰ বিষ আৰু বমিৰ লক্ষণে দেখা দিছিল। ছাত্ৰীসকলৰ ৰোগৰ কাৰণ বিচাৰি বিদ্যালয়ত খাদ্য পৰিদৰ্শক ...

September 3, 2025 7:15 PM

views 9

চৰাইদেউত টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত ডাম ফী পূজা অনুষ্ঠিত

স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদামক তথ্য সম্বলিতভাবে চিনাক্তকৰণৰ লক্ষ্যৰে আজি চৰাইদেউ জিলাৰ লাংকুৰি দেওশাল প্ৰাংগণত ৰাজ্য চৰকাৰৰ টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত ডাম ফী পূজা অনুষ্ঠিত হয়। এই পূজাৰ সৈতে সংগতি ৰাখি আহোম উন্নয়ন পৰিষদৰ দ্বাৰা অনুমোদিত ১ কোটি ৮ লাখ টকাৰ পুঁজিৰে দেওশাল উন্নয়নৰ নিৰ্মাণ কাৰ্যৰ আধা...

September 3, 2025 7:12 PM

views 19

অহা ১৪ ছেপ্তেম্বৰত নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ছেপ্তেম্বৰত গোলঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলীগড় শোধানাগাৰৰ ৫০ শতাংশ অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্রকল্পটো উদ্বোধনৰ বাবে প্রায় সাজু কৰি তোলা হৈছে। এই প্রকল্পটোৰ পৰা প্ৰতি বছৰে ৫০ হাজাৰ টন ইথানল, ১৮ হাজাৰ টন ফার...

September 3, 2025 7:06 PM

views 15

শিলচৰত আজি অবৈধভাবে দখল কৰি থকা দোকানসমূহৰ উচ্ছেদ অভিযান

স্বচ্ছ আৰু শৃংখলাবদ্ধ চহৰ হিচাপে গঢ়ি তুলিবলৈ কাচাৰ জিলাৰ শিলচৰত আজি উচ্ছেদ অভিযান চলোৱা হয়। শিলচৰ পৌৰসভাই পদ আৰু পদপথসমূহ অবৈধভাবে দখল কৰি থকা দোকানসমূহ উচ্ছেদ কৰে। এই অভিযানৰ সমান্তৰালভাৱে পৌৰসভা কর্তৃপক্ষই নতুনকৈ অন্তর্ভুক্ত কৰা অঞ্চলসমূহৰ ব্যৱসায়ীসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু বৈধ বাণিজ্যিক অনুজ্ঞা...

September 3, 2025 7:04 PM

views 26

ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যিক ক্রীড়া দিৱস উদযাপন

অর্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্রীড়া দিৱস উদযাপন কৰা হৈছে। ১৯৬৬ চনৰ এছিয়ান গেমছত স্বর্ণ পদক অর্জনেৰে ইতিহাস ৰচা প্রসিদ্ধ ক্রীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সৰুসজাই ক্রীড়া প্রকল্পক অ...

September 3, 2025 7:00 PM

views 5

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ ৩ জন লোকৰ নাগৰিকত্ব লাভ

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ ৩ জন লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। বিগত দুবছৰত অসমত ১২ জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল যদিও ইয়াৰে ৯ খন আবেদন বিবেচনাধীন হৈ আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অন্তৰ্গত জালুকবাৰীৰ ৰামচাৰী আঞ্চলিক গাওঁ পঞ্চায়তত...