September 5, 2025 6:33 PM

views 31

কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে আজি কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। এই বৈঠকত সকলো উচ্চ পদস্থ বিষয়াৰ লগতে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে এই বৈঠকত অংশ লয়। সঞ্চালক প্ৰধান গৰাকীয়ে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে অসম আৰ...

September 5, 2025 6:30 PM

views 21

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। মৰিগাওঁ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাওঁ মজলীয়া বিদ্যালয় আৰু মৰিসুঁতি টোপ নতুন প্রাথমিক বিদ্যালয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত অৱসৰ...

September 5, 2025 6:09 PM

views 21

ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন

প্রসিদ্ধ শিক্ষাবিদ, দার্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ...

September 5, 2025 8:27 PM

views 36

পুৰুষৰ এছিয়া কাপ হকীৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব

বিহাৰৰ ৰাজগীড়ত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। খেলখন ৰাজগীড় আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব। ভাৰতে এতিয়ালৈকে এখন খেলত জয়লাভ কৰাৰ লগতে আন এখন খেলত সমতা স্থাপন কৰি ছুপাৰ ফ'ৰ পৰ্যায়ৰ পইণ্ট তালিকাৰ শ...

September 5, 2025 12:12 PM

views 38

অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙ কালি বৰাকত উপস্থিত

দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে কালি বৰাকত উপস্থিত হৈ বদৰপুৰ থানাত শ্ৰীভূমি আৰু হাইলাকান্দি জিলা আৰক্ষীৰ যৌথ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। সঞ্চালক প্ৰধানগৰাকীয়ে জিলাদুখনৰ আৰক্ষী জোৱানক কাৰ্যক্ষমতা আৰু বিভিন্ন সমস্যাৰ বিষয়ে বুজ লোৱাৰ লগতে জিলা দুখনৰ অপৰাধ আৰু নিৰাপত্তাজ...

September 5, 2025 12:11 PM

views 22

এন আই আৰ এফত দেশৰ শীৰ্ষৰ ১০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থান দখল গুৱাহাটী বিশ্ববিদ্যালয়ৰ

গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা মন্ত্ৰ্যালয়ে কালি ঘোষণা কৰা চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় প্রাতিষ্ঠানিক ৰেংকিং এন আই আৰ এফত দেশৰ শীৰ্ষৰ ১০ খন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থান দখল কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই ৰেংকিঙত কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ে শীর্ষ স্থান আৰু চেন্নাইৰ আন্না বিশ্ববি...

September 5, 2025 12:09 PM

views 26

বিটিচি নিৰ্বাচনৰ বাবে ৪০টা সমষ্টিত ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ ঘোষণা

বিটিচি নিৰ্বাচনৰ বাবে ৪০টা সমষ্টিত ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ ঘোষণা কৰা হৈছে। চিৰাং জিলাৰ তিনিটা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰসমূহ কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত জিলাখনৰ চিৰাং দুৱাৰ সমষ্টিত নিৰ্দলীয় প্রার্থী হিচাপে প্রার্থিত্ব প্ৰদান কৰা চাংগ্ৰ...

September 5, 2025 12:07 PM

views 22

শোণিতপুৰত চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি শোণিতপুৰ জিলাৰ ডুৰুং চাহ বাগিচাত ৰূপায়ণ কৰা চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ কৰে। চাহ বাগিচাসমূহক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বাগিচাৰ বাংলোসমূহক অতিথিশালালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ই...

September 5, 2025 12:06 PM

views 28

গুৱাহাটীৰ সকলো উন্মুক্ত MANHOLE আৰু নলাৰ উপগ্ৰহৰে জৰীপ চলাবলৈ মুখ্য সচিবক নির্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সকলো উন্মুক্ত MANHOLE আৰু নলাৰ উপগ্ৰহৰে জৰীপ চলাবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নির্দেশ দিছে। গুৱাহাটীৰ আৰ্য নগৰত বুধবাৰে নির্মীয়মান উন্মুক্ত নলাত পৰি এটি তিনি বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এইদৰে নিৰ্দে...

September 5, 2025 11:57 AM

views 28

সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন

সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষাবিদ, দাৰ্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰ...