September 11, 2025 3:05 PM

views 33

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৩টা পদক নিশ্চিত

■ ভাৰতে ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তিনিটা পদক নিশ্চিত কৰিছে। ভাৰতৰ জেচমিন লেম্ব’ৰিয়া, নুপুৰ শ্বিঅ'ৰান আৰু পূজা ৰাণীয়ে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৩৪ বছৰীয়া ৰাণীয়ে যোৱানিশা ৮০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ এমিলিয়া কোটেৰস্কাক ৩-২ ফলাফলত প...

September 11, 2025 3:48 PM

views 22

পাকিস্তানৰ বিবৃতি ভুৱা আৰু ভিত্তিহীন বুলি ভাৰতৰ তীব্ৰ সমালোচনা

■ পাকিস্তানৰ বিবৃতি ভুৱা আৰু ভিত্তিহীন বুলি অভিহিত কৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত দেশখনক তীব্র সমালোচনা কৰিছে। জেনেভাত অনুষ্ঠিত পৰিষদৰ ৬০ সংখ্যক অধিৱেশনত ভাৰতৰ স্থায়ী মিছনৰ উপদেষ্টা ক্ষিতিশ ত্যাগীয়ে পাকিস্তানে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা আৰু অপ-প্ৰচাৰ চলোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহৰ অ...

September 11, 2025 1:01 PM

views 38

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক প্রতিবেদন দাখিল

● সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক সমস্ত বিষয়সমূহ পৰীক্ষা কৰাৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট চমুকৈ এছ আই টিয়ে কালি সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্রতিবেদন দাখিল কৰে। তাৰ পাছতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে এজন পাকিস্তান...

September 11, 2025 12:52 PM

views 50

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত

■ আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত কালি ইউ পি পি এল দলৰ এখন সংকল্প সভা অনুষ্ঠিত হয়। বিটিচিৰ খৈৰাবাৰী, ভেৰগাঁও, নোনাই ছেৰফাং, খালিংদুৱাৰ আৰু মুদৈবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীকেইগৰাকীৰ...

September 11, 2025 12:58 PM

views 28

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

● প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ১৩ ছেপ্তেম্বৰৰ শনিবাৰৰ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে অংশগ্রহণ কৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফ...

September 11, 2025 12:55 PM

views 54

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলন আৰম্ভ

● ২০২৬ চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত আন্দোলন পুনৰ আৰম্ভ হৈছে। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ দাবীত কালি তিনিচুকীয়া জিলাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত এটা বৃহৎ জোঁৰ সমদল উলিওৱা হয়। জনজাতিকৰণ মৰাণসকলৰ নাৰ্য্য প্রাপ্তি বুলি দাবী কৰি এই লৈ কোনোধৰণৰ ৰাজনৈতিক বঞ...

September 11, 2025 12:46 PM

views 34

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা পদৰ প্ৰথমখন অস্থায়ী যোগ্যতাৰ তালিকা প্ৰকাশ

● অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা পদৰ প্ৰথমখন অস্থায়ী যোগ্যতাৰ তালিকা কালি নিশা প্ৰকাশ কৰে। সঞ্চালকালয়ে dee.assam.gov.in ৱেবছাইটৰ জৰিয়তে এই তালিকা প্রকাশ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি যাৱতীয় প্রক্রিয়া সম্পূৰ্ণ হ...

September 11, 2025 12:43 PM

views 32

গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ

■ গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। জলেশ্বৰৰ ফেৰীঘাট এলেকাত খহনীয়াৰ ফলত জলেশ্বৰ বজাৰৰ লগতে জলেশ্বৰ আৰক্ষী চকী, আদৰ্শ চিকিৎসালয় আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে কালি যন্ত্রচালিত নাৱেৰে খহনীয়াৰ পৰিদৰ্শন কৰে। তে...

September 11, 2025 12:34 PM

views 64

টাৱাঙৰ গেৰিচেন ৰেঞ্জৰ খাংৰি হিমবাহ তাৎপর্যপূর্ণভাৱে গলিবলৈ ধৰা পৰিলক্ষিত

● ভূ-বিজ্ঞান আৰু হিমালয় অধ্যয়ন কেন্দ্ৰই অৰুণাচল প্ৰদেশৰ টাৱাঙৰ গেৰিচেন ৰেঞ্জৰ খাংৰি হিমবাহৰ নিৰীক্ষণৰ সময়ত হিমবাহটো ক্রমান্বয়ে তাৎপর্যপূর্ণভাৱে গলিবলৈ ধৰা পৰিলক্ষিত কৰিছে। হিমবাহটোৰ গলনৰ হাৰ বৃদ্ধি পাই এবছৰত প্ৰায় ডেৰ মিটাৰ বৰফ বিগলিত হৈছে বুলি কেন্দ্ৰটোৰ পৰ্যবেক্ষক বিজ্ঞানীসকলৰ অধ্যয়নত প্ৰকাশ...

September 11, 2025 1:03 PM

views 52

নুমলীগড়ত দেশৰ দ্বিতীয়টো হাইড্ৰ’জেন প্ৰকল্প আৰম্ভ কৰা হ’ব

● নুমলীগড়ত দেশৰ দ্বিতীয়টো হাইড্ৰ'জেন প্ৰকল্প আৰম্ভ কৰা হ'ব। বিকল্প শক্তিৰ উৎস হিচাপে এই প্ৰকল্পটো আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নুমলীগড় ভ্ৰমণকালত সাংবাদিকৰ আগত প্ৰকাশ কৰে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অহা ১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথ...