September 13, 2025 11:40 AM

views 45

দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰাম, মণিপুৰ আৰু অসমলৈ প্রধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে আজি মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে আজি দিনৰ ১০ বজাত আইজলৰ লামউৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ৱৈৰৱী-চাইৰাং ৰে'লপথেৰে তিনিখন নতুন ৰেলগাড়ীৰ যাত্ৰাৰ ভার্চুৱেলি শুভাৰম্ভ কৰিব। এই নতুন ৰেলগাড়ীকেইখন হৈছে চাইৰাং আৰু দিল্লীৰ মাজত স...

September 12, 2025 9:25 PM

views 18

নেপালৰ জেন-জেদ প্ৰতিবাদত হোৱা বিক্ষিপ্ত ঘটনাত ৩৬ গৰাকী লোকৰ মৃত্যু

নেপালৰ স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰালয়ে জানিবলৈ দিছে যে জেন-জেদ প্ৰতিবাদৰ ফলত দেশখনত হোৱা বিক্ষিপ্ত ঘটনাত ৩৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। মন্ত্ৰালয়ৰ সচিব ড০ বিকাশ দেৱকোটাই জানিবলৈ দিছে যে দেশৰ বিভিন্ন চিকিৎসালয়ৰ পৰা এতিয়ালৈকে ৩৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে। দেশৰ ৫২খন চিকিৎসালয়ত মু...

September 12, 2025 9:22 PM

views 19

নতুন দিল্লীত ‘জ্ঞান ভাৰতম’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনত পাণ্ডুলিপিৰ ডিজিটীয়কৰণ, সংৰক্ষণ আৰু জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ উদ্দেশ্যে জ্ঞান ভাৰতম নামৰ এটা পোৰ্টেলো তেওঁ মুকলি কৰে। উল্লেখযোগ্য যে কালিৰে পৰা পাণ্ডুলিপি ঐতিহ্যৰ জৰিয়তে ভাৰতৰ জ্...

September 12, 2025 9:19 PM

views 32

দেশৰ প্ৰতিটো পথেই ক্ৰীড়াৰ বাবে উপযোগী হৈ উঠিব লাগেঃ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়া

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে দেশৰ প্ৰতিটো পথেই ক্ৰীড়াৰ বাবে উপযোগী হৈ উঠিব লাগে আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰতিটো পড়িয়ামতে ভাৰতীয় পতাকা জিলিকি উঠিব লাগে। নতুন দিল্লীত আজি এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ ক্ৰীড়া সন্মিলনত অংশ লৈ মন্ত্ৰীগৰাকীয়ে ক্রীড়াক জনজাগৰণ...

September 12, 2025 9:17 PM

views 13

দেশৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল উদ্ভাসিত হৈ উঠিছে বুলি সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰবন্ধ শ্বেয়াৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল উদ্ভাসিত হৈ উঠিছে বুলি এটা প্ৰৱন্ধ সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভৈৰৱী চাইৰাং ৰেলপথ মুকলি কৰাৰ ফলত এটা ঐতিহাসিক মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি প্ৰকাশ কৰা এটা প্ৰৱন্ধ শ্ৰীমোদীয়ে শ্বেয়...

September 12, 2025 9:14 PM

views 7

মিজোৰামৰ ভৈৱবী-চাইৰাং ৰে’লপথত ৪৫টা সুৰংগ আৰু ৫৫খন দলং

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মুকলি কৰিব লগা মিজোৰামৰ অতি গুৰুত্বপূৰ্ণ ভৈৱবী-চাইৰাং ৰে'লপথত ৪৫ টা সুৰংগ আৰু ৫৫ খন দলং আছে। তেওঁ জানিবলৈ দিয়ে যে, এই প্ৰকল্পতো মিজোৰামৰ জনসাধাৰণৰ বাবে উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। শ্ৰী বৈষ্ণৱে কয়, যে প্ৰ...

September 12, 2025 8:36 PM

views 13

বজালী জিলাৰ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত আইন সজাগতা সভা

বজালী জিলাৰ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত আজি অনুষ্ঠিত এখন আইন সজাগতা সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তাহিদ আলম লস্কৰে কয়, যে সকলোৰে আইনৰ বিষয়ে জনাৰ অধিকাৰ আছে। বজালী ৰুৰেল এডভান্টেজ ছ’চাইটীৰ উদ্যোগত আৰু নিৰ্মল হালৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত অনুষ্ঠিত ...

September 12, 2025 8:33 PM

views 14

বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰ্যটন সঞ্চালকালয়ৰ অসম ভিত্তিত ফটোগ্রাফী প্রতিযোগিতাৰ আয়োজন

বিশ্ব পৰ্যটন দিৱস, ২০২৫ উপলক্ষে অসম চৰকাৰৰ পৰ্যটন সঞ্চালকালয়ে অসম ভিত্তিত ফটোগ্রাফী প্রতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাৰ বিষয়সমূহ হৈছে— প্ৰকৃতি আৰু বন্যপ্ৰাণী, সংস্কৃতি আৰু খাদ্য সম্ভাৰ, চাহ পৰ্যটন, ধৰ্মীয় আৰু আধ্যাত্মিক পৰ্যটন। ১৮ ছেপ্তেম্বৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম দিন ধাৰ্য্য কৰা হৈ...

September 12, 2025 8:27 PM

views 21

ৰাজ্যৰ ভিন্ন স্থানত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি পালন

ৰাজ্যৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি শ্ৰদ্ধা-ভক্তিৰে পালন কৰা হৈছে। তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত ভাগৱত পাঠ, নাম-প্ৰসংগ অনুষ্ঠিত হয়। তিৰোভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ, সত্ৰত পুৱাৰ পৰাই ভকত-বৈষ্ণৱ সমবেত হৈ নাম-প্ৰসংগ কৰে । শ্ৰীশ্ৰীমাধৱ...

September 12, 2025 8:25 PM

views 17

আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ বিজেপিত যোগদান

আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে আজি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটীৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত দলটোত যোগদান কৰে। যোগদানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলটোৰ ভিতৰত থাকি কোচ ৰাজবংশী সম্প্ৰদায়ৰ হৈ কাম কৰি যাব বুলি তেওঁ উল্...