September 16, 2025 7:51 PM

views 31

কাছাৰত পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক

কাছাৰ জিলাত আজি পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক কৰা হৈছে। কাছাৰ আৰক্ষীয়ে শিলচৰৰ তাৰাপুৰ কালিবাৰী ৰোড এলেকাৰ পৰা মহিলা আৰু শিশুসহ ৰোহিংগীয়া লোককেইজনক আটক কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে হায়দাবাদৰ পৰা বিতাড়িত ৰোহিংগীয়াৰ দলটোৱে শিলচৰত ভাৰাঘৰৰ সন্ধান কৰিছিল। দলটোৰ সন্দেহজনক আচৰণৰ পৰিপ্ৰেক্ষিতত...

September 16, 2025 7:49 PM

views 28

অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি ভিন্ন দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি কেইবাটাও দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপত সংগঠনটোৰ সদস্য আৰু সমৰ্থকসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমৰ বাহিৰ...

September 16, 2025 7:46 PM

views 21

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ অব্যাহত

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ আজিও অব্যাহত আছে। মৰাণ জনসাধাৰণে তিনিচুকীয়াত কালিৰে পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীত ৬ টা মৰাণ জাতীয় সংগঠনে অংশগ্ৰহণ কৰিছে। জিলাখনৰ পৰা তেল, কয়লা, গে...

September 16, 2025 7:37 PM

views 136

বিটিচি নিৰ্বাচনঃ ওদালগুৰিত মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্রতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড০ হিমন...

September 16, 2025 7:18 PM

views 44

কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ত কর্মশালা

কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত পঞ্চায়তীৰাজৰ বিভিন্ন দিশত নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হয়। গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠ...

September 16, 2025 7:14 PM

views 52

ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত

দৰং জিলাৰ দিপিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে। ১৫৬৮ চনত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৰম শিষ্য লেচাকণীয়া গোবিন্দ আতাই প্ৰতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। আজ...

September 16, 2025 7:06 PM

views 24

শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জনসাধাৰণৰ বাবে উন্নত সেৱা প্ৰদানৰ বাবে দায়বদ্ধতা বৃদ্ধিৰ উদ্দেশ্যে জিলাখনৰ কেতবোৰ স্বাস্থ্য আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন

শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি জনসাধাৰণৰ বাবে উন্নত সেৱা প্ৰদানৰ বাবে দায়বদ্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে জিলাখনৰ কেতবোৰ স্বাস্থ্য আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। ঠেলামৰাৰ নাহৰবাৰী নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি তেওঁ স্বাস্থ্য প্রতিষ্ঠানটোৰ সামগ্ৰিক ব্যৱস্থা, সা-সুবিধা আৰু...

September 16, 2025 7:01 PM

views 41

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰ ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বি টি চিৰ ভোটগ্রহণ কেন্দ্র থকা বি...

September 16, 2025 6:58 PM

views 37

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড০ হিমন...

September 16, 2025 6:55 PM

views 24

যোৰহাট ছুইমিং ছ’ছাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্রীড়া সংগঠক দেৱ হাজৰিকাৰ দেহাৱসান

যোৰহাট ছুইমিং ছ'ছাইটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্রীড়া সংগঠক দেৱ হাজৰিকাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ। হাজৰিকাৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ পৰিছে।