September 17, 2025 7:35 PM

views 23

কাইলৈ আকাশবাণী গুৱাহাটীৰ বিয়লি ৩:০২ বজাত অর্থনৈতিক সংস্কাৰৰ জৰিয়তে প্রশাসনীয় প্রগতি বিষয়ক আলোচনা

সেৱা পৰ্ব উপলক্ষে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰি থকা অনুষ্ঠানলানিৰ অংশ হিচাপে কাইলৈ বিয়লি ৩ বাজি ২ মিনিটত অর্থনৈতিক সংস্কাৰৰ জৰিয়তে প্রশাসনীয় প্রগতি বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত বিশিষ্ট অর্থনীতিবিদ দেৱজিৎ মহন্তৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন...

September 17, 2025 7:02 PM

views 35

নূপুৰ বৰাৰ পৰা পুনৰ ২৩ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ তদানীন্তন চক্র বিষয়া তথা বর্তমান কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাৰ পৰা পুনৰ ২৩ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে নূপুৰ বৰাক লগত লৈ বৰপেটা ৰোডৰ শিমলাগুৰিত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ এটা ল’কাৰৰ পৰা এই বৃহৎ ধনৰাশি ...

September 17, 2025 7:00 PM

views 21

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি আৰু উলহ মালহেৰে বিশ্বখনিকৰ শ্রীশ্রীবিশ্বকৰ্মা পূজা পালন

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্রীশ্রীবিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি আৰু উলহ মালহেৰে পালন কৰা হয়। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনা কৰা হয়। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হৈছে। ...

September 17, 2025 6:58 PM

views 172

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত দুটা দিন বাকী

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাত বিজেপিৰ লগতে ইউ পি পি এল, বিৰোধী দল কংগ্ৰেছ, বি পি এফ, অসম গণ পৰিষদে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যম...

September 17, 2025 6:56 PM

views 24

এইমছ গুৱাহাটীত সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত এটা স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত

এইমছ গুৱাহাটীত আজি সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত এটা স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজিৰে পৰা ২ অক্টোবৰলৈ গ্ৰহণ কৰা অভিযানৰ অংশ হিচাপে এই শিবিৰ মুকলি কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই শিবিৰটো মুকলি কৰে। ...

September 17, 2025 6:54 PM

views 27

প্রধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ গুৱাহাটী বশিষ্ঠ মন্দিৰ প্ৰাংগণত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰে। স্বচ্ছ ভাৰত অভিযান, গ্রামীণ আৰু স্বচ্ছ ভাৰত অভিযান নগৰৰ সহ...

September 17, 2025 1:02 PM

views 41

দৰং জিলাৰ দিপিলাৰ খটৰা সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে

দৰং জিলাৰ দিপিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত কালিৰেপৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে। ১৫৬৮ চনত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ পৰম শিষ্য নেচাকণীয়া গোবিন্দ আতাই প্রতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। ক...

September 17, 2025 12:44 PM

views 24

জাপানত অনুষ্ঠিত বিশ্ব এথলেটিকছ প্রতিযোগিতাত জেভলিন তাৰকা নীৰজ চোপ্ৰাই অভিযান আৰম্ভ কৰিব

জাপানৰ টকিঅ’ত অনুষ্ঠিত বিশ্ব এথলেটিকছ প্রতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডত ভাৰতৰ জেভলিন তাৰকা নীৰজ চোপ্ৰাই আজি অভিযান আৰম্ভ কৰিব। গ্রুপ-এত খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ ডায়মণ্ড লীগৰ চেম্পিয়ন জুলিয়ান ৱেবৰ, ২০১২ৰ অলিম্পিকত সোণৰ পদক বিজেতা কেশ্বর্ণ ৱালক’ট, চেক গণৰাজ্যৰ জেকব ৱডলেজ আৰু স্বদেশৰেই শচীন যাদৱৰ বি...

September 17, 2025 12:33 PM

views 38

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত আজি পাকিস্তান, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত কালি আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ বিৰ এখন শ্বাসৰুদ্ধকৰ খেলত বাংলাদেশে আফগানিস্তানক ৮ ৰানত পৰাস্ত কৰে। ১৫৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আফগানিস্তানে নির্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৪৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ৰহমান ওল্লাহ সৰ্...

September 17, 2025 12:28 PM

views 20

সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি উত্তৰ প্ৰদেশ চৰকাৰৰ ১৫ লাখ গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ

সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে ১৫ লাখ গছপুলি ৰোপণ আৰু স্বচ্ছ উৎসৱৰ দৰে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহে প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যখনত চৰকাৰে সুস্থ নাৰী সবল পৰিয়াল অভিযান আৰম্ভ কৰিব। এই সময়ছোৱাত ৰাজ্যজুৰি স্বাস্থ্য শ...