September 19, 2025 8:39 PM

views 94

ছিংগাপুৰত অসমৰ ৰাইজৰ হিয়াৰ আমঠু, জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ দেহাৱসান

◊ অসমৰ ৰাইজৰ হিয়াৰ আমঠু, জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ছিংগাপুৰত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ সাগৰত সাঁতোৰাৰ সময়ত হঠাৎ অসুস্থ হৈ মৃত্যুক আঁকোৱালি লয় ক্ষণজন্মা শিল্পীগৰাকীয়ে। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতত অপ্ৰতিদ্বন্দ্বী হৈ ৰোৱা কণ্ঠশিল্পী জুবিন গাৰ্গে কেৱল অসমীয়...

September 19, 2025 8:07 PM

views 24

সেৱা পৰ্বৰ অংশ হিচাপে বৰপেটাত শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ

সেৱা পৰ্বৰ অংশ হিচাপে বৰপেটা জিলাত আজি শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ প্ৰায় ৬০০ শিক্ষানুষ্ঠানৰ ৪৫ হাজাৰ গছপুলি ৰোপণ কৰা হ'ব। অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্রী লাচিতে আজি তিনিখন শিক্ষানুষ্ঠানত এই কাৰ্যসূচী আৰম্ভ কৰে।

September 19, 2025 7:51 PM

views 165

২০২৫-২৬ বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্রয়োজনীয় প্রমাণপত্রসমূহ আবেদনৰ আহ্বান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২৫-২৬ বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্রয়োজনীয় প্রমাণপত্রসমূহ আবেদনৰ আহ্বান জনাইছে। শিল্পীসকলে www.directorculture.assam.gov.in www.silpisanmanassam.com যোগে অনলাইন আবেদন কৰিব পাৰিব। অহা ১০ অক্টোবৰ আবেদনৰ অনলাইন পঞ্জীয়নৰ অন্তিম দিন। উল্লেখযোগ্য...

September 19, 2025 7:13 PM

views 11

সাহিত্যচাৰ্য্য নাহেন্দ্র পাড়ুন ন্যাসৰ উদ্যোগত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত বিশেষ আলোচনা সত্ৰ অনুষ্ঠিত

সাহিত্যচাৰ্য্য নাহেন্দ্র পাড়ুন ন্যাসৰ উদ্যোগত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি এখন বিশেষ আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰখনত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য জ্যোতি প্ৰসাদ শ‍ইকীয়াই মানুহৰ চিন্তা : কল্পনা প্রসূতৰ পৰা উত্তৰ আধুনিকতাৰ দিশে শীৰ্ষক এটা বক্তৃতা ...

September 19, 2025 7:10 PM

views 19

প্ৰায় ১২০ গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত প্রায় ৯ লাখ টকাৰ চেক বিতৰণ বিধায়ক তৰংগ গগৈৰ

ডিব্ৰুগড়ৰ নাহৰকটিয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে আজি সমষ্টিটোৰ প্ৰায় ১২০ গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত প্রায় ৯ লাখ টকাৰ চেক বিতৰণ কৰে। চেক বিতৰণ কৰি বিধায়কগৰাকীয়ে এই ধনৰাশিৰে লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত কিঞ্চিত হলেও আর্থিক আৰু মানসিক সকাহ প্ৰদান কৰি...

September 19, 2025 6:54 PM

views 356

অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই…

অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰৰ সাগৰত সাতোঁৰাৰ সময়ত আজি দুপৰীয়া জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰে। তেওঁক ততালিকে ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ নিয়া হয়। চিকিৎসকসকলে তেওঁক বচাবলৈ চলোৱা সকলো প্রচেষ্টা ব্যর্থ হয় আৰু ভাৰতীয় সময় অনুসৰি দিনৰ ২ বাজি ৪৫ মিনিটত চিকিৎসকসকলে তেওঁক মৃত বু...

September 19, 2025 12:57 PM

views 22

১৫ ছেপ্তেম্বৰৰ পৰা চলি থকা অৰ্থনৈতিক পথ অৱৰোধৰ ফলত উজনি অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যোৱা ১৫ ছেপ্তেম্বৰৰ পৰা চলি থকা অৰ্থনৈতিক পথ অৱৰোধৰ ফলত উজনি অসমত পেট্ৰ'লিয়ামজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা কৰা হৈছে। পথ অৱৰোধৰ ফলত গেছ, তেল আৰু ইন্ধন পৰিবাহী ভালেসংখ্যক টেংকাৰ আৱদ্ধ হৈ আছে। প্ৰতিবাদৰ ফলত অইল ইণ্ডিয়াৰ উৎপাদন আৰু পৰিবহণ প্ৰায় ...

September 19, 2025 12:54 PM

views 29

ধাৰাষাৰ বৰষুণৰ ফলত উজনি আৰু মধ্য অসমৰ ভালেমান অঞ্চল বানৰ কবলত

বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ বাবে উজনি আৰু মধ্য অসমৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে। শেহতীয়াকৈ বতৰ কিছু ফৰকাল হোৱাৰ বাবে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চল পানীত বুৰ গৈ আছে। গোলাঘাট জিলাত চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণ আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ বাবে জ...

September 19, 2025 12:53 PM

views 30

সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ ভিন ভিন ঠাইত স্বাস্থ্য শিবিৰ অনুষ্ঠিত

 সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ ভিন ভিন ঠাইত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ১৮ বছৰ তলৰ ল'ৰা-ছোৱালীৰ বাবে চিকিৎসা শিবিৰ মুকলি কৰিছে। এই শিবিৰত ৫০টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিতে কালি এই...

September 19, 2025 12:52 PM

views 16

সেৱা পৰ্ব উপলক্ষে আজি ৰাজ্যৰ ২০ হাজাৰ বিদ্যালয়ত গছপুলি ৰোপণ

সেৱা পৰ্ব উপলক্ষে আজি ৰাজ্যৰ ২০ হাজাৰ বিদ্যালয়ত গছপুলি ৰোপণ কৰা হ'ব। প্ৰতিখন শৈক্ষিক প্ৰতিষ্ঠানত ৭৫টাকৈ গছপুলি ৰোপণ কৰা হ'ব। এই কাৰ্যসূচীত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলকে ধৰি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে অংশগ্ৰহণ কৰিব। বিদ্যালয় কৰ্তৃপক্ষই ৰোপণ কৰা গছপুলিৰ ফটো এই সম্পৰ্কী...