October 5, 2025 6:54 PM

views 28

দেশত শেহতীয়া ছবছৰৰ অধিক কালত প্ৰায় ১৭ কোটি কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে

দেশত শেহতীয়া ছবছৰৰ অধিক কালত প্ৰায় ১৭ কোটি কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে। কেন্দ্ৰীয় শ্রম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত নিযুক্তিৰ সংখ্যা ২০১৭-১৮ বৰ্ষৰ ৪৭ কোটি ৫০ লাখৰ পৰা ২০২৩-২৪ বৰ্ষত ৬৪ কোটি ৩৩ লাখলৈ বৃদ্ধি পাইছে। এই তথ্য অনুসৰি ছবছৰৰ অধিক কালত এই সংখ্যা ১৬ কোটি ৮৩ লাখ বৃদ্ধি পাইছে। ...

October 5, 2025 6:40 PM

views 47

ৰাজ্যৰ বিভিন্ন ঠাইত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়

ৰাজ্যৰ বিভিন্ন ঠাইত আজিও জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় জিলাৰ চৌকিদিঙি খেলপথাৰত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত জাতি-ধৰ্ম নিৰ্বিশেষে অগণন লোকৰ সমাগম হয়। জাতীয়-জনগোষ্ঠীয় ঐক্যমঞ্চই আয়োজন কৰা প্ৰিয় শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে নাম প্ৰসংগ, ভাগৱত পাঠ, কোৰা...

October 5, 2025 6:37 PM

views 17

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদবৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল পৰিদৰ্শন

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদবে আজি পৰিয়ালৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল পৰিদৰ্শন কৰে। তেওঁ ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ সময়ত গড়, হাতী, হৰিণকে ধৰি অন্যান্য বন্যাপ্রাণীসমূহ দেখি অভিভূত হৈ পৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বন বিভাগৰ হাতীক খাদ্য খুৱায়। শ্ৰীযাদবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্...

October 5, 2025 6:29 PM

views 74

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিৰ নতুন পৰিষদীয় চৰকাৰৰ শপত গ্ৰহণ

বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰে। ৰাজ্যৰ মুখ্যসচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বিটিচিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার...

October 5, 2025 12:21 PM

views 75

নতুন জি এছ টি সংস্কাৰে পশ্চিমবংগৰ কাৰিকৰ, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়িক সকাহ প্রদান কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুবিধাৰ অৰ্থে ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱ যোৱা ২২ ছেপ্তেম্বৰৰ পৰা প্ৰযোজ্য হৈছে। পৰৱৰ্তী প্ৰজন্মৰ এই জি এছ টি সংস্কাৰে দেশৰ পৰোক্ষ কৰ ব্যৱস্থা সৰল কৰি তুলিছে। এই সংস্কাৰে বিভিন্ন সামগ্ৰী আৰু সেৱাৰ কৰৰ হাৰ হ্ৰাস কৰি জনসাধাৰণক সকাহ প্রদান কৰ...

October 5, 2025 12:17 PM

views 31

ভাৰতৰ সীমান্ত পথ সংস্থাই লাডাখৰ মিগ লাত সাগৰ পৃষ্ঠৰ পৰা ১৯,৪০০ ফুট উচ্চতাত বিশ্বৰ সবাতোকৈ উচ্চতাত থকা মটৰ পৰিবহনৰ পথ নিৰ্মাণ

ভাৰতৰ সীমান্ত পথ সংস্থা বি আৰ অ'য়ে লাইন অফ এক্সুৱেল কণ্ট্ৰোলৰ সমীপৰ লাডাখৰ মিগ লা পাছত সাগৰ পৃষ্ঠৰ পৰা ১৯,৪০০ ফুট উচ্চতাত বিশ্বৰ সবাতোকৈ উচ্চতাত থকা মটৰ পৰিবহনৰ পথ নিৰ্মাণ কৰিছে। এই সফলতাৰ জৰিয়তে বি আৰ অ'য়ে সাগৰ পৃষ্ঠৰ পৰা ১৯,০২৪ ফুট উচ্চতাত অৱস্থিত ২০২১ চনত নিৰ্মাণ কৰা ওমলিং লা পথৰ অভিলেখ ভংগ কৰ...

October 5, 2025 12:11 PM

views 30

সংবাদ চলন্তিকাত আজি বৰ্তমান ৰাজ্যত বান্দৰ বিভীষিকাৰ বিষয়ে  আলোকপাত

বৰ্তমান ৰাজ্যৰ এটা প্ৰধান সমস্যা হৈছে, বান্দৰ বিভীষিকা। উজনিৰ পৰা নামনিলৈ চহৰ-নগৰ সকলোতে বান্দৰৰ উপদ্ৰৱে জনতাক ত্রাহি মধুসুদন সোঁৱৰাইছে। কপিকুলে খেতি তহিলং কৰাৰ ফলস্বৰূপে জনতাৰ অৰ্থনীতিও বিপৰ্য্যস্ত হৈছে। বিভিন্ন সময়ত ৰাইজে চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰিছে যদিও এই পর্যন্ত সুফল লাভ কৰা নাই। এই সমস্যা ...

October 5, 2025 12:00 PM

views 37

সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সংযত হোৱাৰ লগতে আইনী দিশসমূহৰ প্ৰতি সচেতন হ’বলৈ দৃষ্টিপাতত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তিৰ আহ্বান

সামাজিক মাধ্যম অত্যন্ত শক্তিশালী আৰু ইতিবাচক তথা ৰুচিসন্মতভাৱে ব্যৱহাৰ কৰিলে ই আমাৰ মানসিকতাক প্ৰতিফলিত কৰাই নহয় সমাজতো ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আলোচনাত অংশ লৈ কালি সমাজকর্মী তথা লেখিকা অৰ্চনা বৰঠাকুৰে এইকথা প্ৰকাশ কৰে।...

October 5, 2025 11:53 AM

views 40

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্রীৰ বিটিআৰৰ বাহিৰে সকলো জিলাৰ আয়ুক্তৰ সৈতে আলোচনা

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিটিআৰৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্রীয়ে জিলা আয়ুক্তসকলক এই আঁচনিৰ ৰূপায়ণ সম্পৰ্কীয় সকলো কাম যথাযথভাৱে সম্পন্ন কৰিবলৈ নিৰ্দ...

October 5, 2025 11:51 AM

views 32

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ পাভৈত পঞ্চম অসম কমাণ্ডো বেটেলিয়নৰ শিবিৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ পাভৈত পঞ্চম অসম কমাণ্ডো বেটেলিয়নৰ শিবিৰ মুকলি কৰে। ২০২২ চনত মুখ্যমন্ত্ৰীয়ে এই শিবিৰৰ আধাৰশিলা স্থাপন কৰিছিল। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নক অধিক সক্ৰিয় কৰিবলৈ ৰাজ্যৰ পাঁচখন জিলাত এনেধৰণৰ শিবিৰ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তমর্...