October 6, 2025 12:28 PM

views 49

ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজাৰ আয়োজন

ঐশ্বর্য বিভূতিৰ কামনাৰে আজি ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা কৰা হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যৰ প্ৰান্তে প্রান্তে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ ভিন্ন স্থানৰ দেৱালয়, মন্দিৰ আৰু ৰাজহুৱা পূজা মণ্ডপত লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিলাসীপাৰাৰ ৰোকাখাটা সাৰ্ব...

October 6, 2025 12:25 PM

views 38

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ শপতগ্ৰহণ

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কালি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰে। ৰাজ্যৰ মুখ্যসচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বিটিচিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শ্রীমহিলাৰীয়ে ইংৰাজী ভাষাত শপতগ্ৰহণ কৰে । কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয় খেলপথাৰত ...

October 5, 2025 8:52 PM

views 28

আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ শ্রীয়ান্সী বলিচেটিয়ৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল

আবুধাবিত চলি থকা আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ উদীয়মান খেলুৱৈ শ্রীয়ান্সী বলিচেটিয়ে মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্রতিদ্বন্দ্বী তাছনিমক ১৫-২১, ২২-২০ আৰু ২২-২০ গেমত পৰাস্ত কৰে। পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতীয় যুটী হৰিহৰণ আমছা কৰুণন আৰু অর্জুন মাদাখিল ৰামা...

October 5, 2025 8:49 PM

views 69

মধ্য প্রদেশৰ চিন্দৱাড়া জিলাত কাহৰ ঔষধ সেৱন কৰি ১১ টি শিশুৰ মৃত্যু

মধ্য প্রদেশৰ চিন্দৱাড়া জিলাত কাহৰ ঔষধ সেৱন কৰি ১১ টি শিশুৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনৰ চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। চিকিৎসক আৰু ঔষধ নির্মাণকাৰী কোম্পানীটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে যোৱা নিশা প্রবীণ ছোনী নামৰ চিকিৎসকজনক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে, কালি প্রকাশ পোৱা এখন প্রতিবেদনত ক'লড...

October 5, 2025 8:44 PM

views 45

দার্জিলিঙৰ ধাৰাষাৰ বৰষুণত প্ৰাণ হেৰুওৱা লোকসকললৈ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ গভীৰ সমবেদনা জ্ঞাপন

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে দার্জিলিঙৰ ধাৰাষাৰ বৰষুণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্রীশ্বাহে কয়, যে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী ইতিমধ্যে দার্জিলিঙত উপস্থিত হৈছে আৰু অন্যান্য সংগঠনসমূহো প্রয়োজন অনুসৰি সহায় কৰিবলৈ প্রস্তুত আছে। শ্রীশ্বাহে দা...

October 5, 2025 8:42 PM

views 54

ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এম আৰু ৰাষ্ট্ৰীয় জনতা দল, আৰ জে ডিৰ মাজত সোমবাৰে গুৰুত্বপূৰ্ণ বৈঠক

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাটনাত কাইলৈ আসন ভাগ-বতৰা সন্দৰ্ভত ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এম আৰু ৰাষ্ট্ৰীয় জনতা দল, আৰ জে ডিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। জে এম এমৰ সভাপতি আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেণে এই দায়িত্ব ৰাজ্যিক মন্ত্রী সুদিব্য কুমাৰ ছানু আৰু জে এম এমৰ সাধাৰণ সম্প...

October 5, 2025 8:39 PM

views 37

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন শীঘ্রেই ঘোষণা কৰা হ’ব বুলি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্ৰকাশ

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন শীঘ্রেই ঘোষণা কৰা হ'ব বুলি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আজি প্ৰকাশ কৰিছে। তেওঁ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ মতামত গ্রহণ কৰিছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয়, যে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি ভোটদানৰ সময় সূচী নির্ধাৰণ কৰা হ'ব। বিহাৰত মুক...

October 5, 2025 8:35 PM

views 30

নেপালত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত ৪৭ জন লোকৰ মৃত্যু

নেপালত পৰহিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত ৪৭ জন লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ভূমিস্খলনত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হোৱা ইল্লাম জিলাত কমেও ৩৭ জন লোকৰ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্য্যোগ হ্রাস আৰু ব্যৱস্থাপনা কর্তৃপক্ষৰ মুখপাত্রই নিরুদ্দেশ হোৱা লোকসকলৰ ...

October 5, 2025 8:07 PM

views 84

যোৰহাট জিলাৰ আয়ুক্তৰ টীয়কত হ’বলগীয়া মেগা স্বাস্থ্য শিৱিৰৰ স্থান পৰিদৰ্শন

যোৰহাট জিলাৰ আয়ুক্তই আজি টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহনা হাইস্কুলত অনুষ্ঠিত হ'বলগীয়া মেগা স্বাস্থ্য শিৱিৰৰ স্থান পৰিদৰ্শন কৰি ইয়াৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সন্দৰ্ভত বুজ লয়। এই পৰিদৰ্শন কালত আয়ুক্তগৰাকীৰ সৈতে টীয়ক আৰু মৰিয়নীৰ সম জিলাৰ আয়ুক্তদ্বয়, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সংশ্লিষ্ট বি...

October 5, 2025 7:59 PM

views 31

ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ আমিনগাঁৱত হ'বলগীয়া এই প্রতিযোগিতাত ৪৩ খন দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে অংশ ল'ব। প্রতিযোগিতাৰ বাবে ইতিমধ্যে ৯ খন বেডমিণ্টন কোর্ট সাজু কৰি তোলা হৈছে বুলি আয়োজক সমিতিয়ে প্রকাশ কৰিছে। অহা ১৯ অক্তোবৰত এই প্রতিযোগি...