October 10, 2025 3:31 PM

views 38

কাবুলত কেইবাটাও বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত পাকিস্তান- আফগানিস্তানৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি

● কাবুলত কালি কেইবাটাও বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। দেশখনৰ কেইবাটাও চৰকাৰী প্ৰতিষ্ঠান আৰু আবাসিক স্থলেৰে সমৃদ্ধ পূব কাবুলত সংঘটিত এই বিস্ফোৰণৰ ঘটনাৰ ফলত অঞ্চলটোত আতংকৰ পৰিবেশ সৃষ্টি হয়। তালিবানৰ প্ৰধান মুখপাত্রই এই আক্ৰমণৰ ঘটন...

October 10, 2025 3:29 PM

views 101

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত বুজাবুজিৰ সম্ভাৱনা

● বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত আজি বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক তথা কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে পাটনাত এন ডি এৰ সহযোগী বিভিন্ন দলৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকৰ পাছতে অহা দুই-তিনি দিনৰ ভিতৰত আস...

October 10, 2025 3:26 PM

views 37

প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে: শিৱৰাজ সিং চৌহান

● আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰতীয় কৃষি বিজ্ঞান প্ৰত...

October 10, 2025 3:23 PM

views 30

পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন ১১টা স্থানত ইডিৰ তালাচী

■ বিধি বলবৎকাৰী সঞ্চালকালয় ই ডিয়ে পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰাজ্যখনৰ এগৰাকী মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন গৃহকে ধৰি মুঠ ১১টা স্থানত তালাচী অভিযান চলাইছে। কেন্দ্রীয় অনুসন্ধানকাৰী ব্যুৰো চি বি আইৰ এখন এজাহাৰৰ ভিত্তিত ই ডিয়ে এই অভিযান চলায়। উল্লেখযোগ্য যে কেৱল বিদ্যালয়ৰ শিক্ষকৰ...

October 10, 2025 1:23 PM

views 42

দুদিনীয়াকৈ ডিব্ৰুগড়ত বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত

■ ডিব্ৰুগড়ৰ অসম আৰক্ষী চাউনীৰ সমীপৰ বহুমুখী উপযোগিতা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত হৈছে। সভাত কালি সমাগত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইক...

October 10, 2025 12:52 PM

views 45

৬৪খন দেশ বাইকেৰে ভ্ৰমণ কৰা মিনাক্ষী দাসৰ জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী

● ৬৪খন দেশ বাইকেৰে ভ্ৰমণ কৰা মিনাক্ষী দাসে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী কৰিছে। ইণ্ডো-চীন সীমান্তৰ তাতচিং ভ্ৰমণ সামৰি শিৱসাগৰত কালি বিয়লি উপস্থিত হোৱা মিনাক্ষী দাসে শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ সন্মুখৰ পৰা শিল্পীগৰাকীৰ প্ৰতি এই দাবী উত্থাপন কৰে।

October 10, 2025 1:01 PM

views 29

অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত

● যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ এগ্রিকালচাৰেল মাইক্ৰ'অর্গেনিজিম মেন্যুফেকচাৰাৰ্ছ এণ্ড ফার্মার্ছ এছোচিয়েচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ দাস স...

October 10, 2025 12:58 PM

views 44

২০২৫-২৬ বৰ্ষৰ বাবে শিল্পী পেন্সন আৰু বার্ষিক শিল্পী সন্মানৰ আৱেদনৰ দিন বৃদ্ধি

● অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২৫-২৬ বৰ্ষৰ বাবে আহ্বান জনোৱা অসম শিল্পী পেন্সন আৰু বিশেষ পৰিয়াল পেন্সন তথা বার্ষিক শিল্পী সন্মানৰ আৱেদনৰ দিন বৃদ্ধি কৰিছে। পূৰ্বে ১০ অক্টোবৰৰ ভিতৰত পেন্সনৰ বাবে আৱেদন দাখিল কৰিবলৈ কোৱা হৈছিল যদিও সম্প্রতি অনলাইন আৱেদন পত্ৰ দাখিলৰ অন্তিম দিন ২০ অক্টোবৰলৈ পিছুৱ...

October 10, 2025 12:50 PM

views 52

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। প্ৰতিটো পদৰ বাবে দুজনকৈ প্ৰাৰ্থী বাছনি কৰা হৈছিল। এই বাছনিকৃত প্ৰাৰ্থীসকলৰ দক্ষতা প্ৰমাণৰ পাছত আজি চূড়ান্ত ফলাফল প্রকাশ ...

October 10, 2025 12:56 PM

views 61

ছিংগাপুৰৰ অসম এচ’ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগিতা আগনবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ অনুসন্ধানকাৰী গোটে ছিংগাপুৰৰ অসম এচ'ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি কৰিছে। প্ৰাৰম্ভিক অৱস্থাত এছ আই টিয়ে অসম এচছিয়েছনৰ ৮ জনলৈ চমন জাৰি কৰিছিল যদিও ইয়াৰে কেৱল ৰূপকমল কলিতাহে যোৱা মঙলবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হয়।...