October 16, 2025 10:01 AM

views 51

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হাৰিনী অমৰাছুৰিয়া দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হাৰিনী অমৰাছুৰিয়া আজি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। প্রধানমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ভ্ৰমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দ্বিপাক্ষিক স্বার্থজড়িত ভালেমান বিষয়ে ...

October 16, 2025 9:58 AM

views 26

দেশত নক্সাল অধ্যুষিত জিলাৰ সংখ্যা ৬ৰ পৰা ৩লৈ হ্ৰাস পাইছেঃ গৃহ মন্ত্ৰালয়

দেশত নক্সাল অধ্যুষিত জিলাৰ সংখ্যা ৬ৰ পৰা ৩লৈ হ্ৰাস পাইছে। সম্প্রতি চত্তিশগড়ৰ বিজাপুৰ, ছুকমা আৰু নাৰায়ণপুৰ জিলাহে বাওঁপন্থী উগ্রবাদৰ পৰা সৰ্বাধিক প্ৰভাৱিত বুলি গৃহ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে বিবৃতিযোগে কৈছে, যে নক্সাল অধ্যুষিত জিলাৰ সংখ্যা হ্ৰাস পোৱাটোৱে এখন নক্সালমুক্ত ভাৰত ...

October 16, 2025 9:57 AM

views 45

বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্রকাশ

ভাৰতীয় জনতা পাৰ্টিয়ে বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ১৮ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট থকা তৃতীয়খন তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি সঞ্জয় পাণ্ডেই নার্কটীয়াগঞ্জ, উমাকান্ত সিঙে চানপাটিয়া, লালবাবু প্রসাদ গুপ্তাই ছিৰায়া, বীনা দেৱী ক’ছাধমন, সতীশ কুমাৰ যাদৱে ৰাঘ’পুৰ আৰু মুৰাৰী পাছোৱানে পীৰপই...

October 16, 2025 9:55 AM

views 33

দীপাৱলী আৰু ষট পূজাৰ সময়ত উত্তৰ ৰে’লৱেৰ এহাজাৰখন বিশেষ ৰে’লৰ ব্যৱস্থা

দীপাৱলী আৰু ষট পূজাৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে জনসাধাৰণৰ সুবিধাৰ্থে উত্তৰ ৰে'লৱেই এহেজাৰখন বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উত্তৰ ৰে'লৱেৰ মহা প্ৰৱন্ধক অশোক কুমাৰ বাৰ্মাই এইকথা সদৰি কৰে। তেওঁ কয়, যে বিশেষ ৰে’লগাড়ীসমূহৰ যাত্ৰাৰ তদাৰক কৰিবলৈ এটা...

October 16, 2025 9:53 AM

views 21

প্রধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ অধীনত নাগালেণ্ডত কৃত্রিম বুদ্ধিমত্তা উৎকর্ষতা কেন্দ্ৰ স্থাপনৰ বিভিন্ন দিশ অন্বেষণৰ উদ্দেশ্যে নিটি আয়োগৰ দলৰ ডিমাপুৰ ভ্ৰমণ

নিটি আয়োগৰ এটা দলে প্রধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ অধীনত নাগালেণ্ডত কৃত্রিম বুদ্ধিমত্তা উৎকর্ষতা কেন্দ্ৰ স্থাপনৰ বিভিন্ন দিশ অন্বেষণৰ উদ্দেশ্যে কালি ডিমাপুৰ ভ্ৰমণ কৰে। জল আৰু ভূমিসম্পদ, তথ্য প্রযুক্তি, দূৰসংযোগ তথা পৰ্যটন আৰু সংস্কৃতি বিভাগৰ প্ৰকল্প সঞ্চালক যুগল যোশীৰ নেতৃত্বত গঠিত দলটোৱে NIELIT আৰু কৃ...

October 16, 2025 9:48 AM

views 27

গুজৰাটৰ আহমেদাবাদক ২০৩০ বৰ্ষৰ কমনৱেল্‌থ গেমছ ক্রীড়া সমাৰোহৰ আয়োজক চহৰৰূপে প্ৰক্ষেপ

গুজৰাটৰ আহমেদাবাদক ২০৩০ বৰ্ষৰ কমনৱেল্থ গেমছ ক্রীড়া সমাৰোহৰ আয়োজক চহৰৰূপে প্ৰক্ষেপ কৰা হৈছে। কমনৱেল্থ ক্ৰীড়াৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠকৰ অন্তত এই ঘোষণা কৰা হয়। কমনৱেল্থ ক্রীড়া আন্দোলনে শতবৰ্ষত ভৰি দিয়াৰ সময়ত ভাৰতত এই সংস্কৰণৰ আয়োজনৰ পদক্ষেপ ঐতিহাসিকৰূপে বিবেচিত হৈছে। অহা মাহত কমনৱেল্থ ক্ৰীড়া...

October 16, 2025 9:46 AM

views 27

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ পাকিস্তান-ইংলেণ্ডৰ খেল পৰিত্যক্ত ঘোষণা

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠানত পাকিস্তান আৰু ইংলেণ্ডৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষিত হয়। ফলত দুয়োটা দলেই এক পইণ্টকৈ লাভ কৰে। খেলখনৰ প্ৰথম ইনিংছত বৰষুণে বিঘিনি ঘটোৱাৰ বাবে দুয়োটা দলকেই ৩১ অভাৰকৈ খেলাৰ সুযোগ দিয়া হৈছিল। প্ৰথমে ...

October 16, 2025 9:44 AM

views 39

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্রপ্রদেশত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অন্ধ্ৰপ্ৰদেশলৈ যাব। ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ নন্দিয়াল জিলাৰ শ্ৰীছাইলেমত থকা শ্ৰীভ্ৰমৰম্ব মল্লিকার্জুনা স্বামী ৱৰ্লা দেৱস্থানম দৰ্শন কৰাৰ লগতে মন্দিৰটোত পূজা-অৰ্চনা কৰিব। তেওঁ জিলাখনৰ শ্ৰীশিৱাজী স্পৰ্থি কেন্দ্ৰও পৰিদৰ্শন কৰিব। শ্রীমোদীয়ে আজি বিয়লি কু...

October 16, 2025 9:42 AM

views 37

পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ প্রতিযোগিতাত নেপাল আৰু ওমানৰ স্থান নিশ্চিত

নেপাল আৰু ওমান এছিয়া তথা পূব এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ যোগ্যতা নিৰ্ণয়কাৰী পৰ্যায়ৰ পৰা অহা বছৰ হ'বলগীয়া পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ প্রতিযোগিতাত স্থান নিশ্চিত কৰা প্ৰথম দুটা দলৰূপে পৰিগণিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ছামোৱাক পৰাস্ত কৰাৰ লগে লগে মূল প্রতিযোগিতাত নেপাল আৰু ওমানে স্থান নি...

October 16, 2025 10:06 AM

views 30

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাত লক্ষ্য সেন পুৰুষৰ ছিংগলছৰ আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী- চিৰাগ ছেট্টি পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টি যুটিটোৱে পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অ’ডেনছত কালি অনুষ্ঠিত এখন খেলত বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ লক্ষ্য সেনে আয়াৰলেণ্ডৰ নাইট গুয়েনক ১০-২১, ২১–৮, ...