October 17, 2025 8:26 PM

views 29

বিহাৰৰ চাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি অমিত শ্বাহৰ

বিজেপিৰ জ্যেষ্ঠ নেতা কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি বিহাৰৰ চাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি মেলে। তেওঁ চাৰণত তৰাইয়াৰ বিধায়ক জনক সিং আৰু অমন'ৰ প্ৰাৰ্থী কৃষ্ণ কুমাৰ মন্টুৰ হৈ প্ৰচাৰ চলায়। চাৰাণত তৰাইয়াত এখন নির্বাচনী সভাত ভাষণ দি শ্রীশ্বাহে বিগত দুটা দশক ধৰি ৰাজ্যখনৰ আইন-শৃংখলা বৰ্তাই ৰ...

October 17, 2025 8:25 PM

views 23

দেশৰ প্ৰতিখন জনজাতীয় গাঁওক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে আদি কর্মযোগী অভিযান আৰম্ভ – শ্রীমতী দ্রৌপদী মুর্মু

দেশৰ প্ৰতিখন জনজাতীয় গাঁওক আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে আদি কর্মযোগী অভিযান আৰম্ভ কৰা হৈছে বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত আদি কর্মযোগী অভিযান বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্রীমতী মুর্মুৱে আজি কয় যে এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় উন্নয়ন ...

October 17, 2025 8:23 PM

views 40

ড০ হৰিণি অমৰ সূৰ্যাৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

 শ্রীলংকাৰ প্ৰধানমন্ত্ৰী ড০ হৰিণি অমৰ সূৰ্যাই আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্রীমোদীয়ে তেওঁক আদৰণি জনায়। প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁৰ এই যাত্রা ঐতিহাসিক আৰু এই যাত্ৰাই ভাৰত আৰু শ্রীলংকাৰ মাজত বহুমুখী সম্পর্কই নতুন গতি প্রদান কৰিব। সাক্ষাৎকালত প্রধানমন্ত্রীদ্বয়ে শিক্ষ...

October 17, 2025 8:17 PM

views 58

বি ডব্লিউ এফ বৰ্ল্ড জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছত তনভী শর্মা ছেমি ফাইনেলত প্রবেশ

ভাৰতৰ শীৰ্ষ বাছনি প্রাপ্ত তনভী শর্মাই গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বৰ্ল্ড জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্রবেশ কৰি পদক নিশ্চিত কৰিছে। তনভী শর্মাই আজি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ শ্বাকি মাটছুমটোক ১৩-১৫, ১৫-৯, ১৫-১০ গেমত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ উন্নতি হু...

October 17, 2025 8:12 PM

views 22

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষার্থীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট madhyamik.assam.gov.in ত তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক পদৰ ফলাফলসমূহো ঘোষণা কৰা...

October 17, 2025 8:10 PM

views 34

উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰকাশ

কেন্দ্রীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি প্রকাশ কৰিছে। তেওঁৰ মন্ত্ৰালয়ৰ এবছৰীয়া সফলতাৰ বিষয়ে আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীসিন্ধিয়াই কয় যে যোৱা ১১টা বছৰত উত্তৰ পূৰ্বাঞ্চলৰ সাম্যক আন্তঃৰাষ্ট্ৰীয়...

October 17, 2025 8:08 PM

views 45

বিজেপিৰ ময়ো জুবিন, আমিও জুবিন শীর্ষক এটা ডিজিটেল প্ৰচাৰ অভিযান

অসম প্রদেশ বিজেপিয়ে শিল্পী জুবিন গাৰ্গৰ প্রতি ন্যায় সুনিশ্চিত কৰাৰ বাবে সামাজিক মাধ্যমত ময়ো জুবিন, আমিও জুবিন শীর্ষক এটা ডিজিটেল প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি গুৱাহাটীত এই কথা প্ৰকাশ কৰি কয়, যে জুবিন গাৰ্গৰ অস্বাভাবিক মৃত্যুৰ তদন্ত স্বচ্ছ আৰু নিৰপেক্ষ ...

October 17, 2025 8:07 PM

views 25

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে কাইলৈ অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে কাইলৈ ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। কাইলৈ দিনৰ এঘাৰ বজাত গুৱাহাটী ৰাজভৱনত হ'বলগীয়া এটা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই বি পি এফ দলৰ চৰণ বড়োক কেবিনেট মন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে হাগ্রামা মহি...

October 17, 2025 7:50 PM

views 18

শুশ্রুষা সেতু কাৰ্যসূচীৰ অধীনত মৰিগাওঁত স্বাস্থ্য শিবিৰ অনুষ্ঠিত

 স্বাস্থ্যবান অসম গঢ়াৰ লক্ষ্যৰে চৰকাৰৰ নিৰ্দেশ অনুসৰি স্বাস্থ্য বিভাগে ৰূপায়ণ কৰা শুশ্রুষা সেতু কাৰ্যসূচীৰ অধীনত আজি মৰিগাওঁত এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মন্ত্রী পিযুষ হাজৰিকা, জিলা আযুক্ত অনামিকা তিৱাৰী, মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জাগীৰোড সমজিলাৰ আয়ুক্তকে ধৰি কেইবাজনো বিশি...

October 17, 2025 7:46 PM

views 34

গহপুৰত বন্দুক আৰু গুলীসহ ৩ জন চোৰাং চিকাৰীক আটক

বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত আজি আৰক্ষীয়ে বন্দুক আৰু গুলীসহ ৩ জন চোৰাং চিকাৰীক আটক কৰে। বিশ্বনাথ আৰু মাজুলী জিলাৰ আৰক্ষীৰ যুটীয়া অভিযানত এটা বন্দুক আৰু গুলি উদ্ধাৰ কৰা হয়। গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ গহপুৰ সমজিলাৰ অন্তৰ্গত ধন্দী পথাৰৰ দেৱজিৎ পেণ্ডৰ ঘৰৰ পৰা এই বন্দুক আৰু গুলিসমূহ উদ্ধাৰ কৰা হয়। আৰক...