October 18, 2025 12:32 PM

views 23

আলফা স্বাধীনৰ কাকপথাৰ সেনা চাউনীত আক্ৰমণৰ ফলত ৩ জন সেনাবাহিনীৰ জোৱান আহত

নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ এটা গোটে বৃহস্পতিবাৰৰ মাজনিশা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এক নম্বৰ চেলেংগুৰীত থকা সেনা চাউনীত আক্ৰমণৰ ফলত তিনিজন সেনাবাহিনীৰ জোৱান আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে সেইদিনা নিশা প্রায় ১২ বাজি ৪০ মিনিটত আলফা স্বাধীনৰ কেইজনমান সদস্যই এখন ট্রাকত আহি নাইনটিন ...

October 18, 2025 12:30 PM

views 53

আই চি চি মহিলা বিশ্বকাপ প্রতিযোগিতাত দক্ষিণ আফ্রিকাৰ হাতত শ্রীলংকা ১০ উইকেট পৰাস্ত

আই চি চি মহিলা বিশ্বকাপ প্রতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্রেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্রিকাই শ্রীলংকাক ১০ উইকেট পৰাস্ত কৰে। দক্ষিণ আফ্রিকাই ১২১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৫টা বলত এটাও উইকেট নেহেৰুৱাকৈ নির্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে শ্রীলংকাই প্রথমে বেট ধৰি...

October 18, 2025 12:28 PM

views 16

উৎসৱৰ বতৰত ৰেহাই হিচাপে এটকীয়া দীপাৱলী ফ’ৰ-জি প্লেন মুকলি বি এছ এন এলৰ

বি এছ এন এলে সমগ্র দেশৰ নতুন গ্রাহকসকলক উৎসৱৰ বতৰত ৰেহাই হিচাপে এটকীয়া দীপাৱলী ফ'ৰ-জি প্লেন মুকলি কৰিছে। এই মাহৰ ১৫ তাৰিখৰ পৰা অহা ১৫ নৱেম্বৰলৈ এই ফ'ৰ-জি প্লেনৰ ম্যাদ থাকিব। এই সময়ছোৱাত গ্রাহকসকলে ৩০ দিনীয়া বিনামূলীয়া মোবাইল সেৱা, আনলিমিটেড ফোন কলৰ সুবিধা, প্রতিদিনে 2GB মোবাইল ডাটা আৰু এশটা এছ এম এছ...

October 18, 2025 12:26 PM

views 84

আফগান সীমান্তৰ সমীপত আত্মঘাতী আক্রমণত ৭ জন পাকিস্তানী জোৱান নিহত

আফগান সীমান্তৰ সমীপত কালি সন্ত্রাসবাদীয়ে কৰা আত্মঘাতী আক্রমণত ৭ জন পাকিস্তানী জোৱান নিহত হয়। পাকিস্তানৰ সুৰক্ষা বিষয়াই জনোৱা মতে উত্তৰ বাজিবিস্তানৰ এটা পাকিস্তানী সেনা শিবিৰত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণত এই জোৱানকেইজনৰ মৃত্যু হোৱাৰ লগতে কমেও ১৩ জন আহত হয়। বিষয়াগৰাকীয়ে কয়, যে এজন সন্ত্রাসবাদীয়ে বিস্ফোৰ...

October 18, 2025 12:23 PM

views 32

আজি ব্ৰাহ্মা’ছ এৰ’স্পেচত নির্মিত প্রথমটো গোটৰ ব্ৰাহ্ম’ছ ক্ষেপণাস্ত্ৰসমূহ মুকলি যোগী আদিত্যনাথৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে আজি লক্ষ্ণৌৰ ব্ৰাহ্মা'ছ এৰ'স্পেচত নির্মিত প্রথমটো গোটৰ ব্ৰাহ্ম'ছ ক্ষেপণাস্ত্ৰসমূহ মুকলি কৰে। লক্ষ্ণৌ ব্রাহ্ম'ছ এৰ'স্পেচ হৈছে উত্তৰ প্ৰদেশৰ প্ৰতিৰক্ষা কৰিড'ৰ যত থলুৱা প্ৰযুক্তিৰে ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰা পৰীক্ষণলৈকে সকলো সু...

October 18, 2025 12:18 PM

views 33

সমগ্র বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গন্য কৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

সমগ্র বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গন্য কৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সন্ধিয়া এটা ব্যক্তিগত সংবাদ গোষ্ঠীয়ে আয়োজন কৰা বিশ্ব সন্মিলনত ভাষণ দি শ্রীমোদীয়ে কয়, যে বৈদ্যুতিনৰ পৰা ভেষজলৈকে আৰু অট'মোবাইলৰ পৰা মোবাইল নির্মাণলৈকে দেশৰ বিভি...

October 17, 2025 8:34 PM

views 50

ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ বদৰ অব্দেলটীৰ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ বদৰ অব্দেলটীয়ে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রী মোদীয়ে গাজা শান্তি চুক্তি শান্তি চুক্তিৰ ক্ষেত্ৰত পালন কৰা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে ৰাষ্ট্ৰপতি অব্দেল ফটৰ অল চিচিক ধন্যবাদ জ্ঞাপন কৰে আৰু এই চুক্তিয়ে অঞ্চলটোত স্থায়ী শান্তি স্থ...

October 17, 2025 8:33 PM

views 22

প্রধানমন্ত্রী গতি শক্তিৰ অধীনৰ নেটৱৰ্ক পৰিকল্পনা গোটৰ ১০০ সংখ্যক বৈঠক অনুষ্ঠিত

পথ, পৰিবহন আৰু ঘাইপথৰ আন্তঃগাঁঠনি প্ৰকল্পৰ পৰ্যালোচনাৰ উদ্দেশ্যে প্রধানমন্ত্রী গতি শক্তিৰ অধীনৰ নেটৱৰ্ক পৰিকল্পনা গোটৰ ১০০ সংখ্যক বৈঠক আজি অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রী গতি শক্তি ৰাষ্ট্ৰীয় পৰিকল্পনা অনুযায়ী বহুমুখী যোগাযোগ আৰু পৰিবহন সামর্থ্য বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত দুটা ৰেল, দুট...

October 17, 2025 8:31 PM

views 20

শেহতীয়া কেইটামান বছৰত দেশৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী পীযূষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে শেহতীয়া কেইটামান বছৰত দেশৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰিছে। নতুন দিল্লীত আয়োজিত এছোচেমৰ বাৰ্ষিক সম্মিলন আৰু ১০৫ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে দেশে এতিয়া যিকোনো আলোচনা সবল স্থিতিৰে অংশগ্ৰহণ কৰিবলৈ লৈছে আৰু...

October 17, 2025 8:29 PM

views 69

আইন বলবৎকাৰী সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে নির্বাচন আয়োগৰ বৈঠক

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত ধন, সুৰা, ড্ৰাগছ আদিৰ সৰবৰাহ ৰোধৰ বাবে নির্বাচন আয়োগে আজি আইন বলবৎকাৰী সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ নিৰ্বাচন সদনত অনুষ্ঠিত এই বৈঠকত মুখ্য নির্বাচনী বিষয়া জ্ঞানেশ কুমাৰৰ লগতে লগতে নির্বাচনী বিষয়া ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীয়ে ...