October 20, 2025 11:43 AM

views 54

প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিত চাহ বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ ৩ শতাংশ চাকৰি সংৰক্ষণৰ ব্যৱস্থা

চাহ বাগিচাৰ লাইনৰ ভূমিৰ স্বত্ব বাগিচাৰ শ্ৰমিকক দিয়াৰ উদ্দেশ্যে নৱেম্বৰ মাহত অসম বিধানসভাত এখন বিধেয়ক উত্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি যোৰহাটৰ মৰিয়নীত ঘোষণা কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ঊনবিংশতিতম দ্বিবার্ষিক সাধাৰণ অধিৱেশন আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয...

October 20, 2025 11:39 AM

views 57

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ত ভাৰতৰ খুছীৰ কুৰাচত ব্ৰঞ্জৰ পদক লাভ

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ত ভাৰতৰ ১৫ বছৰীয়া খেলুৱৈ খুছীয়ে কুৰাচত কালি ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ বাবে পদক লাভৰ সূচনা কৰে। ছোৱালীৰ ৭০ কিলোগ্রাম ওজন শাখাত অংশ লৈ খুছীয়ে ছেমি ফাইনেলত উজবেকিস্তানৰ ডি টৰ্চন’ভাৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। কুৰাচ হৈছে উজবেকিস্তানৰ ...

October 20, 2025 11:29 AM

views 55

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে'লৱেৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে কালি নিশা আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন কৰে। দীপাৱলী তথা যট পূজাৰ সময়ছোৱাত ৰে'লযাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে এইদৰে কালি ষ্টেচনটোত কালি উপস্থিত হয়। তেওঁ যাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে এই সন্...

October 20, 2025 11:26 AM

views 46

চেন্নাইত ফটকা বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু

চেন্নাইত ফটকা বিস্ফোৰণৰ ফলত কালি কমেও ৪ জন লোকৰ মৃত্যু হয়। চেন্নাইৰ পাটাবিৰাম আবদীৰ এটা ঘৰত বিক্ৰীৰ বাবে মজুত কৰি ৰখা ফটকাৰ বিস্ফোৰণৰ পৰাই এই দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰে মৃত দুজন লোক ফটকাৰ গ্ৰাহক হোৱাৰ বিপৰীতে দুজন লোকে ঘৰটোত বাস কৰিছিল। এই দুৰ্ঘটনাত ফটকা মজুত কৰি ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আৰ...

October 20, 2025 11:22 AM

views 68

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি প্রথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰো অন্তিম দিন। ৰাজ্যখনত অহা ৬ নৱেম্বৰত ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্রথম প...

October 20, 2025 11:13 AM

views 48

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্রয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্রয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্রীমোদীয়ে লগতে সকলোকে উৎসৱৰ সময়ত ক্ৰয় কৰা সামগ্ৰীসমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈও আহ্বান জনায়। এনে ব্যৱস্থাই আনকো এনে পদক্ষেপ ল'বলৈ অনুপ্ৰাণিত কৰিব বুলি ...

October 20, 2025 11:08 AM

views 38

সুৰক্ষিত, দায়িত্বসহকাৰে আৰু পৰিৱেশ অনুকুল ব্যৱস্থাৰে দীপাৱলী উদযাপন কৰিবলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ আহ্বান; উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণানে দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুমুৱে কয়, যে দীপাৱলী হৈছে ভাৰতৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ যাক বিপুল উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। এই উৎসৱে অন্ধকাৰৰ ওপৰত পোহৰ, অ...

October 19, 2025 8:40 PM

views 44

ৰে’লযাত্রী সংস্থাৰ উদ্যোগত গুৱাহাটীত অসমৰ ৰে’লযাত্ৰীসকলে সম্মুখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা

ৰে'লসেৱাক অধিক জনমুখী কৰি তোলাৰ লক্ষ্যৰে অসম ৰে'লযাত্রী সংস্থাৰ উদ্যোগত আজি গুৱাহাটীত অনুষ্ঠিত মুকলি আলোচনাত অসমৰ ৰে'লযাত্ৰীসকলে সম্মুখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। গুৱাহাটী জিলা পুথিভঁৰালৰ সমীপৰ সাহিত্য সভা ভৱন চৌহদৰ ৰাধা গোৱিন্দ বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত এই আলোচনাত ভালেসংখ্যক বক্তাই অসম...

October 19, 2025 8:50 PM

views 25

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই সদৌ অসম ন্যায়াধীশ সন্থাৰ ৱেবছাইটটো উন্মোচন কৰে

কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ প্ৰেক্ষাগৃহত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই সদৌ অসম ন্যায়াধীশ সন্থাৰ ৱেবছাইটটো উন্মোচন কৰে। এই উপলক্ষে ন্যায়াধীশগৰাকীয়ে ন্যায়িক পেছাদাৰিত্ব, শিষ্টাচাৰ আৰু ন্যায়িক বিষয়াৰ পৰা আশা শীর্ষক বক্তৃতা আগবঢ়ায়। শ্রীভূঞাই কয় যে আজি ম...

October 19, 2025 8:26 PM

views 71

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত মাঙ্গলিক কাৰ্যসূচীৰ আয়োজন

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত মাঙ্গলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। শিল্পীগৰাকীৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিক্ষেত্ৰত আজি ডিমৰীয়াবাসী ৰাইজে গীতা পাঠ, সংকীর্তন, সর্বধর্ম প্ৰাৰ্থনাৰ লগতে এশগৰাকী নামতী দলে নাম-প্রসংগ আৰু এশগৰাকী বাঁহীবাদকে শ্রদ্ধাঞ্জলি জনা...