October 30, 2025 12:54 PM

views 28

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমা সম্পৰ্কীয় ইউৰোপীয় সংসদৰ কমিটীৰ এটা প্রতিনিধি দলক সাক্ষাৎ ৰাজ্যসভাৰ উপাধ্যক্ষৰ

ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে কালি নতুন দিল্লীৰ সংসদ ভৱনত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমা সম্পৰ্কীয় ইউৰোপীয় সংসদৰ কমিটীৰ এটা প্রতিনিধি দলক সাক্ষাৎ কৰে। বৈঠকত দুয়োপক্ষই ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ মুক্ত বাণিজ্য চুক্তি অতি সোনকালে স্বাক্ষৰিত হ'ব বুলি আশা প্রকাশ কৰে। বৈঠকত ৰাজ্যসভাৰ উপাধ্যক্ষগৰাকীয়ে পেহেল...

October 30, 2025 12:51 PM

views 36

সংবাদ মাধ্যমৰ কৰ্মীসকলৰ বাবে ৫৬ সংখ্যক চলচ্চিত্র মহোৎসৱত বিশেষ পঞ্জীয়ন মুকলি

গোৱাৰ পানাজীত অহা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৫৬ সংখ্যক চলচ্চিত্র মহোৎসৱত ভাগ লোৱাৰ উদ্দেশ্যে সংবাদ মাধ্যমৰ কৰ্মীসকলৰ বাবে বিশেষ পঞ্জীয়ন মুকলি কৰা হৈছে। এখন চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি স্বীকৃতিপ্রাপ্ত সংবাদ মাধ্যমৰ কৰ্মীসকলে সমগ্র বিশ্বৰ বিশিষ্ট চলচ্চিত্র নির্মাতা আৰু শিল্পীসকলৰ...

October 30, 2025 12:49 PM

views 21

ৰাষ্ট্ৰীয় ভোটদাতা আৰু ৰাজ্যিক পৰ্যায়ৰ ৩৬টা তথা জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় নির্বাচন আয়োগৰ

 নির্বাচন আয়োগে জনসাধাৰণৰ সকলো ধৰণৰ প্ৰশ্ন আৰু ওজৰ-আপত্তিৰ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ভোটদাতা হেল্পলাইন আৰু ৰাজ্যিক পৰ্যায়ৰ ৩৬টা তথা জিলা পৰ্যায়ৰ সকলো হেল্পলাইন সক্ৰিয় কৰি তুলিছে। ৰাষ্ট্ৰীয় যোগাযোগ কেন্দ্রই সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ বাবে কেন্দ্রীয় হেল্পলাইন হিচাপে কাম কৰিব। এই কেন্দ্র...

October 30, 2025 12:47 PM

views 23

আম্বালা আৰু কুৰুক্ষেত্ৰ অঞ্চলৰ আকাশমাৰ্গত ৰাফেল যুদ্ধবিমানৰ উৰণত অংশগ্ৰহণ শ্রীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কালি হাৰিয়ানাৰ আম্বালা আৰু কুৰুক্ষেত্ৰ অঞ্চলৰ আকাশমাৰ্গত ৰাফেল যুদ্ধবিমানৰ উৰণত অংশ লয়। সামাজিক মাধ্যমৰ এটা প'ষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াক এটা পাহৰিব নোৱৰা অভিজ্ঞতা হিচাপে অভিহিত কৰে। তেওঁ এই পুৰণি ভূখণ্ডৰ লগতে ব্ৰহ্মা সৰোবৰক ভাৰতৰ বৈচিত্রপূর্ণ সংস্কৃতি আৰু ঐতিহাসি...

October 30, 2025 12:41 PM

views 32

কাইলৈ আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ ত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্রীয়ে কাইলৈ নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ ত অংশগ্রহণ কৰিব। মহর্ষি দয়ানন্দ সৰস্বতীৰ ২০০ বছৰীয়া জয়ন্তী আৰু আর্য সমাজৰ সেৱাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সম্মিলনৰ লগত সংগতি ৰাখি সেৱাৰ স্বর্ণিল ডেৰশ বছৰ শীর্ষক এখন প্রদর্শনী অনুষ্ঠিত হ'ব...

October 30, 2025 12:38 PM

views 53

গুজৰাটত আজি ১,১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে আজি কেৱড়িয়াৰ একটা নগৰত এহেজাৰ ১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলগীয়া প্রকল্পসমূহৰ ৰাজপিপলাৰ ভিতৰত বিৰছা মুণ...

October 30, 2025 12:35 PM

views 40

অহা ১ পৰা ৬ নৱেম্বৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ ৰ প্ৰ-পত্ৰ পূৰণৰ অনলাইন পোর্টেল পুনৰ মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ ৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ১ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰলৈ অনলাইন পোর্টেল পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে এখন অধিসূচনা জাৰি কৰি যিসমূহ পঞ্জীয়নকৃত বিদ্যালয়ে এতিয়াও প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই সেই বিদ্যালয়সমূ...

October 30, 2025 12:34 PM

views 31

ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন প্রকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন প্রকল্পস্থলী পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়। গুৱাহাটীৰ নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰী ঘাটলৈ ১ দশমিক ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা সুৰক্ষিত, উন্নত কৰি নিৰ্মাণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ পাৰক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী ৰূপত গঢ়ি তোলা হৈছে। মুখ...

October 30, 2025 12:31 PM

views 35

আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি অষ্ট্ৰেলিয়াৰ মুখামুখি

ভাৰত আজি মহিলাৰ আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাত নবী মুম্বাইৰ ড° ডি বাই পাটিল স্পর্টছ একাডেমী খেলপথাৰত আৰম্ভ হ'ব। আকাশবাণীয়ে বিয়লি আঢ়ৈ বজাৰ পৰা হিন্দী আৰু ইংৰাজী ভাষাত খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব...

October 30, 2025 12:29 PM

views 40

৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ ১৭ বছৰ সম্পূর্ণ

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৭ বছৰ সম্পূর্ণ হৈছে। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্রাণ হেৰুৱাইছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উগ্রপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্রাণ হেৰুওৱা লোকসকল...