November 2, 2025 11:45 AM

views 43

মেঘালয়ৰ চেৰি ব্লা’ছম ফেষ্টিভেল ২০২৫ জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা

উত্তৰ-পূবৰ সবাটোকৈ জনপ্রিয় পর্যটন মহোৎসৱ মেঘালয়ৰ চেৰি ব্লা'ছম ফেষ্টিভেল ২০২৫ জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হ'ব। দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে অংশ ল'বলগীয়া এই মহোৎসৱত এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষভাবে শ্রদ্ধা জনোৱা হ'ব। মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই শুকুৰবাৰে এই কথা সদৰি কৰে।...

November 2, 2025 11:38 AM

views 42

১৭ ডিচেম্বৰৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূর্ণ হ’ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অহা ১৭ ডিচেম্বৰ অৰ্থাৎ নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্রক্রিয়া সম্পূর্ণ হ'ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কালি মৰিগাঁৱত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে উল্লেখ কৰি কয়, যে ১৭ ডিচেম্বৰ অন্তিম দিন ধার্য কৰা হৈছে যদিও ১০ ড...

November 2, 2025 11:22 AM

views 47

আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ভাৰত

ভাৰত আজি নবী মুম্বাইৰ ড° ডি বাই পাটিল স্পোর্টছ একাডেমীত হ'বলগীয়া আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে নৱী মুম্বাইত অনুষ্ঠিত ৰোমাঞ্চকৰ দ্বিতীয়খন ছেমিফাইনেলত অস্ট্রেলিয়াক ৫ উইকেটত পৰাস্ত...

November 2, 2025 11:20 AM

views 55

বিহাৰত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে

বিহাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান চূড়ান্ত পর্যায়ত উপনীত হৈছে। ৰাজনৈতিক দলসমূহৰ শীর্ষ নেতাসকলে ৰাজ্যখনৰ বিভিন্ন স্থানৰ নিৰ্বাচনী ৰেলী, জনসভা আদিত অংশগ্ৰহণৰ জৰিয়তে ভোটদাতা ৰাইজৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি দিনজোৰা নিৰ্বাচনী প্ৰচাৰৰ উদ...

November 2, 2025 11:11 AM

views 73

আজিৰে পৰা ২৯ নৱেম্বৰলৈ সমগ্ৰ দেশৰ ২৪ টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণ

প্ৰসাৰ ভাৰতীয়ে সাংস্কৃতিক মন্ত্রালয়ৰ সহযোগত আজিৰে পৰা ২৯ নৱেম্বৰলৈ সমগ্ৰ দেশৰ ২৪ টা কেন্দ্রত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ আয়োজন কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্রালয়ে প্রকাশ কৰিছে যে ১৯৫৪ চনত আৰম্ভ কৰা আকাশবাণীৰ সংগীত সন্মিলন দেশৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। এই সম্মিলনে দেশৰ চহকী সংগীত ঐ...

November 2, 2025 11:08 AM

views 45

বাহৰেইনৰ বিদেশমন্ত্রী আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানিৰ দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

বাহৰেইনৰ বিদেশমন্ত্রী আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ছোৱাত বাহৰেইনৰ বিদেশমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। যোৱা বছৰ ডিচেম্বৰত ৬০ এছ জয়শংকৰৰ বাহৰেইন ভ্ৰমণৰ পিছতে আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানি...

November 2, 2025 10:59 AM

views 47

নাইজেৰিয়াৰ বিৰুদ্ধে সাম্ভাব্য সামৰিক ব্যৱস্থাৰ বাবে সাজু হৈ থাকিবলৈ যুদ্ধ বিভাগক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ নির্দেশ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে নাইজেৰিয়াৰ বিৰুদ্ধে সাম্ভাব্য সামৰিক ব্যৱস্থাৰ বাবে সাজু হৈ থাকিবলৈ যুদ্ধ বিভাগক নির্দেশ দিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ট্রাম্পে কয়, যে যদিহে নাইজেৰিয়াই খ্রীষ্টধর্মী লোকসকলৰ হত্যাৰ বিৰুদ্ধে কার্যব্যৱস্থা গ্রহণত ব্যর্থ হয়, তেন্তে আমেৰিকাই শীঘ্ৰে দেশখনলৈ সকলো ধৰণ...

November 2, 2025 10:56 AM

views 56

ইছৰোই দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্ৰহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰিব

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি সন্ধিয়া ৫-২৬ মিনিটত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ সবাটোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰিব। CMS-03 একাধিক বেনযুক্ত সামৰিক যোগাযোগ উপগ্রহ। এই উপগ্ৰহটোৰ GSAT-7R নামেৰেও জনাজাত। এই উপগ্রহটো LVM3 নামৰ ৰকেটেৰে ...

November 2, 2025 10:51 AM

views 31

কৰ্মচাৰী ভবিষ্যনিধি সংস্থা অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীকঃ ড০ মনসুখ মন্দাভিয়া

কৰ্মচাৰী ভবিষ্যনিধি সংস্থা ই পি এফ অ' অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীক বুলি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মন্দাভিয়াই প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ ৭৩ সংখ্যক প্রতিষ্ঠান দিৱসত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে মন্ত...

November 1, 2025 9:43 PM

views 41

চত্তিশগড়ৰ নৱৰায়পুৰত নতুনকৈ নিৰ্মাণ কৰা চত্তিশগড় বিধানসভা ভৱন উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্তিশগড়ৰ নৱৰায়পুৰত নতুনকৈ নিৰ্মাণ কৰা চত্তিশগড় বিধানসভা ভৱন উদ্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত ৰত্ন তথা দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। ভাষণ প্ৰসংগত শ্রীমোদীয়ে কয় যে সমগ্ৰ দেশত আজি বিকাশ সাধন হোৱাৰ...